নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি শীৰ্ষ আমোলাৰ এটি দল

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰ: ধুবুৰীত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি শীৰ্ষ আমোলাৰ এটি দল

 

আজি সন্ধিয়াৰ ভাগত ধুবুৰীত উপস্থিত হোৱা দলটো বাহৰ পাতিছে স্থানীয় আৱৰ্ত ভৱনত।

 

জানিব পৰা মতে আজি নিশাই এপিডিচিএলৰ স্থানীয় বিষয়াবৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব দলটো।

 

কাইলৈ ধুবুৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰেক্ষাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া–কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত দলটোৱে অংশ ল’ব বুলি প্ৰকাশ।

 

 

You might also like