মৰিয়নিত শিশু অধিকাৰ সপ্তাহ পালন
বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্য্যসূচীৰ অন্তৰ্গত মৰিয়নি আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সপ্তাহ উদযাপন কৰা হয়। সেই উপলক্ষ্যে মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিদ্যালয়ৰ শিশুসকলক লৈ এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত তিতাবৰ সমজিলাৰ আয়ুক্ত বিপাঞ্চী দত্ত, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া তৰুণ গোৱেল, মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কুইন গগৈ প্ৰমুখ্য বহুকেইখন বিদ্যালয়ৰ প্ৰধান সকলে অংশগ্ৰহণ কৰে। তিতাবৰ সমজিলাৰ আয়ুক্ত বিপাঞ্চী দত্ত আৰু মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈয়ে ছাত্ৰ ছাত্ৰীসকলক শিশুসকলৰ অধিকাৰ সম্পৰ্কে বিস্তৃত ভাৱে উল্লেখ কৰি বক্তব্য প্ৰদান কৰে। বিশেষকৈ শিশুসকলৰ অধিকাৰ যেনে, খাদ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, গৃহৰ অধিকাৰ আদিৰ লগতে ক্ষতিকাৰক শ্ৰমৰ পৰা শিশুসকলক আঁতৰত ৰখাকে ধৰি শিশুসকলৰ অধিকাৰ সম্পৰ্কে উল্লেখ কৰি সেইসমূহ ৰূপায়ণৰ সম্পৰ্কে মন্তব্য কৰে। আনহাতে, অনুষ্ঠানটোত মহকুমা আৰক্ষী বিষয়া তৰুণ গোৱেলে আৰক্ষী কিদৰে শিশুসকলৰ বন্ধু হ’ব পাৰে, শিশুসকলে কিদৰে আৰক্ষীৰ পৰা সহায় পাব পাৰে সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক বুজাই বক্তব্য প্ৰদান কৰে। আৰক্ষী বিষয়াজনে ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে। আটাইকেইজন বক্তাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন পৰামৰ্শও আগবঢ়ায়। অনুষ্ঠানটোত কেবাজনো শিক্ষকে চমু বক্তব্য প্ৰদান কৰি বিশেষকৈ আৰক্ষীয়ে গ্ৰহণ কৰা এনে কাৰ্য্যসূচীৰ শলাগ লয়। উল্লেখযোগ্য যে, ১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ এই শিশু অধিকাৰ সপ্তাহ উদযাপন কৰি অহা হৈছে । এইবাৰৰ থিম হৈছে- ‘প্ৰতিজন শিশুৰ বাবে প্ৰতিটো অধিকাৰ’। আৰক্ষীৰ এনে উদ্যোগে শিশু অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া