চামগুৰিৰ সোনাৰিবালি মধ্য ইংৰাজী বিদ্যালয়ত শিশু দিৱস পালন
নিয়মীয়া বাৰ্তা, ১৪ নৱেম্বৰ : নগাঁৱৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ সোনাৰিবালি মধ্য ইংৰাজী বিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়৷ আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শিশু দিৱসত পুৱা জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় ৷ উক্ত শোভাযাত্ৰাটোত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে একাংশ প্ৰাক্তন ছাত্ৰছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ পৰৱৰ্তী সময়ত এখন মুকলি সভা অনুষ্ঠিত হয় ৷ সোনাৰিবালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু বৰ্তমান পৰিচালনা সমিতিৰ সভাপতি জামালউদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভা খনত মুখ্য অতিথি হিচাপে কলিয়াবৰ মহকুমা নিৰ্বাচনী বিষয়া ভূপালী কাশ্যপ উপস্থিত থাকি শিশু দিৱসৰ লগতে ছাত্ৰছাত্ৰীক উদ্দেশ্যি ভাষন প্ৰদান কৰে৷ সোনাৰিবালি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে আতঁধৰা সভা খনত ৰূপহী শিক্ষা খণ্ডৰ পৰিৰ্দশক প্ৰেমধৰ শৰ্মা প্ৰাক্তন প্ৰধান শিক্ষক বাদল দাসগুপ্ত কনুামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফৰিদা খাতুন প্ৰাক্তন প্ৰধান শিক্ষক প্ৰফুল্ল ডেকাকে ধৰি বহুকেইজন গন্যমান্য লোক উপস্থিত থাকে৷ সোনাৰিবালি মধ্য ইংৰাজী বিদ্যালয়ৰ সহশিক্ষক জ্যোতিস্মান শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত শিক্ষক অনিল চন্দ্ৰ বৰা কৃষ্ণ দাস ৰঞ্জন চন্দ্ৰ শীল জীতেন ডেকাকে ধৰি বিভিন্ন বিদ্যালয়ৰ বহু কেইজন প্ৰধান শিক্ষক উপস্থিত থাকে। সোনাৰিবালি মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত আৰু ৩৭০নং সোনাৰিবালি মুক্তাৱ বিদ্যালয়, সোনাৰিবালি প্ৰাথমিক বিদ্যালয়, সোনাৰিবালি বালিকা মুক্তাৱ, পুৰণা কনুামাৰী প্ৰাথমিক বিদ্যালয় আৰু নতুন কনুৱামাৰি প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাক্তন ছাত্ৰছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত আজি অনুষ্ঠিত শিশু দিৱসৰ মুকলি সভাৰ অন্তত এখন বাৰেবৰণীয়া সাস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত অঞ্চলৰ বহু লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা