নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰা মহাবিদ্যালয়ত ৰাষ্ট্ৰসংঘ দিৱস পালন : স্থাপন হ’ব ইউনেস্ক’ গ্ৰন্থাগাৰ

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ যোৰহাটৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি চিনামৰা মহাবিদ্যালয় আৰু ইউনেস্ক’ এছ’চিয়েছন গুৱাহাটীৰ যুটীয়া উদ্যোগত ৰাষ্ট্ৰসংঘ দিৱস (ইউনেস্ক’ ডে’) পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি ইউনেস্ক’ এছ’চিয়েছন গুৱাহাটীৰ (UNESCO Association Guwahati)ৰ লগত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বুজাবুজিৰ চুক্তি অনুসৰি ইউনেস্ক’ এছ’চিয়েছন গুৱাহাটীয়ে চিনামৰা মহাবিদ্যালয়ৰ লগত শৈক্ষিক, সাংস্কৃতিক আৰু সামগ্ৰিকভাবে ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনত অনাগত দিনত যি কোনো ধৰণৰ উৎকৰ্ষতামূলক কাৰ্যসূচীৰ ৰূপায়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ লগতে প্ৰয়োজনত ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্থাটোৰ গোলকীয় অনুষ্ঠান সূচী ৰূপায়নৰ বাবেও চিনামৰা মহাবিদ্যালয়ক সহযোগী হিচাপে লোৱাৰ এক বুজাবুজি চুক্তিও সম্পন্ন হয়। এই উপলক্ষে মহাবিদ্যালয় প্ৰশাসনীয় ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ইউনেস্ক’ এছ’চিয়েছন গুৱাহাটী (UNESCO Association Guwahati)ৰ সমন্বয়ক ড° অশ্বিনী শৰ্মা আৰু চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই। ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক পদ্মেশ্বৰ কাটনীয়ে আঁ‌ত ধৰা সভাখনৰ সভাপতিত্ব কৰে প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াই। আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অঞ্জন শইকীয়াই। বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি ইউনেস্ক’ এছ’চিয়েছনৰ সমন্বয়ক ড° অশ্বিনী শৰ্মাই চিনামৰা মহাবিদ্যালয়ে অচিৰেই ইউনেস্ক’ৰ পৰা ইউনেস্ক’ লাইব্ৰেৰী ক’ৰ্ণাৰ (UNESCO Library Corner) শীৰ্ষক এটা সৰু গ্ৰন্থাগাৰ লাভ কৰিব বুলি ঘোষণা কৰে। তেওঁ‌ লগতে উল্লেখ কৰে যে উক্ত গ্ৰন্থাগাৰত কেৱল ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত গ্ৰন্থ সম্ভাৰ থাকিব। উক্ত গ্ৰন্থাগাৰৰ দ্বাৰা মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলোৱেই উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে, কিয়নো তেনেবোৰ কিতাপ বজাৰত উপলব্ধ নহয়। উক্ত সভাত ইউনেস্ক’ এছ’চিয়েছনৰ জন্মলগ্নৰ পৰা জড়িত অন্যতম সদস্য, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তনুজ গোস্বামীয়েও ব্যক্তব্য ৰাখে। এই সভাতেই ৰাষ্ট্ৰসংঘৰ অধীনৰ ইয়ুথ হোষ্টেল ক্লাব (Youth Hostel Club)ৰ সদস্য হিচাপে মহাবিদ্যালয়ৰ ৫৬জন ছাত্ৰ-ছাত্ৰীক পৰিচয় পত্ৰ প্ৰদান কৰা হয়। এই ইয়ুথ হোষ্টেল ক্লাৱৰ জৰিয়তে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰসংঘৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুবিধা থাকিব বুলি তেওঁলোকে জানিবলৈ দিছে। উল্লেখযোগ্য যে ইউনেস্ক’ এছ’চিয়েছন (UNESCO Association)ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা চিনামৰা মহাবিদ্যালয় হৈছে উজনি অসমৰ একমাত্ৰ মহাবিদ্যালয়। তিনি শতাধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থকা সভাখনত মহাবিদ্যালয় শাখা সাহিত্য সভাৰ সম্পাদক মৃদুল শইকীয়াই শলাগৰ শৰাই আগবঢ়ায় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like