নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং-বঙাইগাঁও জিলাত বাৰ্মিজ চুপাৰীৰ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

প্ৰায় ২৫ লাক্ষাধিক টকা মূল্যৰ অবৈধ চুপাৰী জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ২৫মেঃ যোৱা নিশা বঙাইগাঁও আৰু চিৰাং জিলাৰ সীমামূৰীয়া অঞ্চল বিজনী মহকুমাৰ অন্তৰ্গত চৌৰাগুৰি ত আৰক্ষীয়ে বহু দিনৰ পৰা অঞ্চলটোত সক্ৰিয় হৈ থকা বাৰ্মিজ চুপাৰীৰ আন্তৰ্জাতিক চোৰাং ব্যৱসায়ৰ সৈতে জড়িত ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে এক গোপন অভিযান চলাই শ্বপন কুমাৰ সৰকাৰ নামৰ ব্যক্তি এজনৰ বাসগৃহৰ পৰা অবৈধ ভাৱে মজুত ৰখা তিনি ট্ৰাক অৰ্থাৎ প্ৰায় ১৪০ বেগ চুপাৰি জব্দ কৰে । বাসগৃহটোত বাংলাদেশত নিৰ্মিত কেইবাটাও মৰাপাটেৰে তৈয়াৰী বস্তাও জব্দ কৰে।

বঙাইগাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলোৱা বাসগৃহৰ গৰাকী শ্বপন কুমাৰ সৰকাৰ আৰক্ষীৰ অভিযানত তথ্য লাভ কৰি পলাই যাবলৈ সক্ষম হয়। বঙাইগাঁও জিলা আৰক্ষী অধিক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত চলিছিল এই বৃহত অভিযান। অভিযানত এটা ট্ৰাক জব্দ কৰি বঙাইগাঁও সদৰ থানালৈ নিয়াৰ লগতে সুপাৰিত মিহলোৱা ৰং, ৰংজাতীয় ৰাসায়নিক দ্ৰব্য সহ অন্যান্য বহু সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে । উল্লেখ্য যে দুদিন পুৰ্বে চিৰাং আৰক্ষীৰ অভিযানত বিজনীৰ কাৱাটিকাৰ পৰা প্ৰায় দহ কোটী টকাৰ বাৰ্মিজ সুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী।

You might also like