নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দম্পত্তিয়ে বিমনাতে ৰাজহুৱা ভাৱে কৰিলে চুম্বন, কোনো যাত্ৰীয়ে যাতে নেদেখে এয়াৰ হোষ্টেজে ঢাকিলে কম্বলেৰে…

নিয়মায়া বাৰ্তা ২৫ মেঃ  কেতিয়াবা এনে কিছুমান দম্পতি থাকে যিয়ে ৰাজহুৱা স্থানত কাৰো বিষয়ে চিন্তা নকৰে আৰু ৰাজহুৱা স্থানতে অশ্লীল কাৰ্য্যত লিপ্ত হয়।

পাকিস্তানত শেহতীয়াকৈ এনে এক কাৰ্যই সকলোৰে চকু কপালত উঠিছে। পাকিস্তানত এহাল দম্পতীয়ে বিমানখনতে  যাত্ৰী সকলকৰ  সন্মুখতে চুম্বন আৰম্ভ কৰিছিল।

পাকিস্তানৰ এহাল দম্পতীক ঘৰুৱা এয়াৰব্লু বিমানত ইজনে সিজনক চুম্বন কৰাত ধৰা পৰিছিল। ঘটনাটো যোৱা ২০ মে’ত কৰাচীৰ পৰা ইছলামাবাদ (ইছলামাবাদ)লৈ যোৱা পিএ-২০০ বিমানত সংঘটিত হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, দম্পতীহালে আৰম্ভণিৰ পৰাই ইজনে সিজনক চুমা খাবলৈ আৰম্ভ কৰিছিল।

বিমানখনত থকা যাত্ৰী সকলে দম্পতীহালৰ অশ্লীল কাৰ্য্যৰ বাবে কেবিন ক্ৰুত থকা এয়াৰ হোষ্টেজৰ ওচৰত অভিযোগ কৰিছিল আৰু ৰাজহুৱাভাৱে চুম্বন কৰিবলৈ বাধা দিছিল। তথাপিও, দম্পতীহালে বিমানখনৰ এয়াৰ হোষ্টেজৰ কথা একেবাৰে শুনা নাছিল আৰু পুনৰ তেনে কৰিবলৈ আৰম্ভ কৰিছিল।

এয়াৰহোষ্টেচে তেতিয়া তেওঁলোকৰ ৰাজহুৱাভাৱে চুম্বন নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকক কম্বলএখনেৰে ঢাকি দিছিল। যাতে তেওঁলোকৰ এই কাৰ্যৰ দ্বাৰা অন্যযাত্ৰী সকল ইয়াৰ দ্বাৰা প্ৰভাৱিত নহয়। আনহাতে যাত্ৰী সকলে যেতিয়া দম্পত্তি হালক এই কাৰ্যৰ বিৰোধীতা কৰিছিল তেতিয়া দম্পত্তিহালে ওলোটাই কৈছিল বাধা দিবলৈ আপোনালোক কোন।

উল্লেখ্য যে পাকিস্তানৰ উৰণ মন্ত্ৰালয়ে এই সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিছে।

You might also like