নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লাট মণ্ডলৰ দৌৰাত্ম্য; উপায়ুক্তক ব্যৱস্থা লোৱাৰ আহ্বান

নিয়মীয়া বার্তা, ৮ আগষ্ট : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুৰ্নীতি মুক্ত অসম গঢ়াৰ অভিযান অব্যাহত ৰাখিছে যদিও দুৰ্নীতি মুক্ত অসম গঢ়াৰ মুখ্যমন্ত্ৰীৰ সপোন এতিয়াও বহু দূৰত। এ পি এছ চি কেলেংকাৰীকে ধৰি বিভিন্ন দুৰ্নীতিৰ লগত জড়িত একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও ৰাজ্যখনত দুৰ্নীতি অব্যাহত আছে।

ৰাজ্যখনৰ বিভিন্ন জিলাৰ উপায়ুক্ত কাৰ্য্যালয়কে ধৰি বিভিন্ন বিভাগ সমূহত আজিও দুৰ্নীতি-অনিয়মৰ অন্ত পৰা নাই। যাৰবাবে সৰ্বসাধাৰণ লোক, একাংশ বিষয়া কৰ্মচাৰী হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে। শেহতীয়া ভাৱে নগাওঁ জিলাৰ ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ বেহা চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী লাট মণ্ডলে এজন সাধাৰণ ৰিক্সা চালকৰ পৰা মাটিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত বৃহৎ পৰিমাণৰ উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত অভিযোগ মতে ৰূপহী ৰাজহ চক্ৰৰ অধীনস্থ আদাখুন্দা গাঁৱৰ লাট মণ্ডল নুৰুজ জামান চৰকাৰে ৰিক্সা চালক গৰাকীৰ পৰা মাটিৰ প্ৰয়োজনীয় কাগজ-পত্ৰ( লেণ্ড চাৰ্টিফিকেট )ৰ নামত ৮০,০০০ টকা দাবী কৰিছিল। এই ধন আদায় নিদিয়াৰ বাবেই আজিলৈকে পৰিয়ালটোৱে মাটিৰ প্ৰমাণ পত্ৰ লাভ কৰা নাই। ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা ভুক্তভোগী এমৰাণ হুছেইনে ৰাজহ চক্ৰ বিষয়ক এই সন্দৰ্ভত অৱগত কৰিছিল যদিও কোনো ফল নধৰিলে। উপায়ন্তৰ হৈ ৰিক্সা চালক গৰাকী এতিয়া শৰণাপন্ন হৈছে নগাওঁ জিলা উপায়ুক্তৰ। ৰিক্সা চালক গৰাকীয়ে তেওঁৰ মাটিৰ প্ৰমাণ পত্ৰ শীঘ্ৰে উলিয়াই দিয়াৰ লগতে অভিযুক্ত লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ উপায়ুক্তক লিখিত ভাৱে অনুৰোধ জনাইছে।

You might also like