নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত স্বচ্ছতা কাৰ্যসূচী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ‘স্বচ্ছতাই সেৱা’ শীর্ষক ১৫ দিনীয়া অভিযানৰ অন্তত পৱিত্র গান্ধীজয়ন্তীৰ প্রাকক্ষণত মহামানৱ মহাত্মা গান্ধীৰ প্রতি ‘স্বচ্ছাঞ্জলি’ জনোৱাৰ লক্ষ্য লোৱা হৈছে। সেই উদ্দেশ্যে আগত ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই কাৰ্যসূচীৰ আহ্বান জনাইছিল। তদুপলক্ষে নলবাৰী গণেশ মন্দিৰৰ সমীপত আজি পুৱা নলবাৰী জিলা প্রশাসনে আয়োজন কৰা ‘এক তাৰিখ, এক ঘন্টা, এক সাথ’ কার্যসূচীত অংশ গ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্রমদান কৰে। উক্ত কাৰ্যসূচীত সামৰিক বাহিনী, ছাত্ৰ-ছাত্ৰী তথা আত্মসহায়ক গোটেও সহযোগিতা আগবঢ়ায়।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like