নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ অক্টোবৰত অসমীয়া চলচ্চিত্র ‘এটি নক্ষত্র’ৰ শুভমুক্তি

বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ‘অপৰাধীক শাস্তিও বিহা হয়, ক্ষমাও কৰা হয়। তাৰ পাছতো আমাৰ মন-মগজুত অপৰাধ জীয়াই থাকে। অপৰাধক বশ কৰিব পাৰিলে অপৰাধীয়েই নাথাকিব। আৰু তাৰ বাবে কেতিয়াবা জন্ম হয় একো একোটা নক্ষত্ৰৰ।’ — এনে এক সমাজহিতকৰ গধুৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা এখন নতুন অসমীয়া চলচ্চিত্র ‘এটি নক্ষত্র’ শুভমুক্তি হব অহা ৬ অক্টোবৰত। অসমৰ লগতে দেশৰ কেইবাখনো মহানগৰৰ চিত্রগৃহত মুক্তি দিব লগা ছবিখনৰ প্ৰচাৰ তথা সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ কলা-কুশলী সকল। ‘হাইপ এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত এই ছবিখন প্রযোজনা কৰিছে ৰুদ্ৰজিৎ মজুমদাৰ আৰু দ্বিগ্বিজয় মেধিয়ে। ৰুদ্ৰজিৎ মজুমদাৰৰ কাহিনী-চিত্ৰনাট্য আৰু পৰিচালনাৰে নির্মিত ছবিখনিৰ জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে ডিব্ৰুগড়ত বিভিন্ন প্ৰান্তত বেনাৰ -পোষ্টাৰ আদি বিতৰণ কৰিছে ছৱিখনৰ ক’লা কুশলী সকলে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সাংবাদিকৰ সৈতে মত বিনিময় কৰি নতুন অসমীয়া ছৱিখনৰ বলিষ্ঠ কাহিনী সন্দৰ্ভত উল্লেখ কৰি অসমবাসীয়ে আদৰি ল’ব বুলি আশা কৰে।এটি নক্ষত্ৰ’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ৰীণা বৰা, বিষ্ণু খাৰঘৰীয়া, সূৰেণ মহন্ত, ৰুদ্ৰজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, মিন্টু বৰুৱা, গীতাৱলী ৰাজকুমাৰী আদিয়ে।ইতিমধ্যে মুক্তি লাভ কৰা ‘এটি নক্ষত্ৰ’ৰ ট্ৰেইলাৰ মুক্তি দিয়া পাছতেই ছ’চিয়েল মিডিয়াত ব্যাপক জনপ্রিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক বিভাস দুৱৰা
You might also like