নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ‘লেডিচ ক্লাব’ আৰ্মেনিয়াম চাৰ্চ নেকিঃ জল্পনা–কল্পনাৰ নাই সদুত্তৰ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ ধুবুৰীৰ এটা অসম আৰ্হিৰ এটা ঘৰক লৈ দীৰ্ঘদিনৰ পৰাই আছে এক বিশেষ চৰ্চা। চহৰখনৰ ১নং ৱাৰ্ডৰ সেই ঘৰটো স্থানীয় লোকৰ মাজত ‘‘লেডিচ ক্লাৱ’ বুলিয়েই পৰিচিত। প্ৰাক–স্বাধীনোত্তৰ যুগৰ ১৯৩৫ চনতেই ব্ৰিটিচে স্থাপন কৰা সেই ‘‘লেডিচ ক্লাব’টো আজিও থিয় হৈ আছে দীৰ্ঘ এক ইতিহাসৰ সাক্ষীৰূপে। পিছে ব্ৰিটিচে ক্লাবৰূপে ব্যৱহাৰ কৰিব লোৱা সেই ঘৰটো দৰাচলতে এটা ’আৰমেনিয়াম চাৰ্চ’ আছিল বুলিও স্থানীয় একাংশ ইতিহাসবিদৰ একাংশৰ মাজত আছে এক চৰ্চা। আনকি ঘৰটোৰ স্থাপত্য কলা আৰু দুৱাৰ খিৰিকিৰ আইনাৰ সৈতে পশ্চিমবংগৰ ক’লকাতাৰ ’আমেৰিকান হ’লি চাৰ্চ নাজাৰেথ’ৰ (Armenian Holy Church of Nazareth) সৈতে সাদৃশ্য থকা বুলিও ক’ব বিছাৰে একাংশই। ইপিনে ব্ৰিটিচে ‘লেডিজ ক্লাব’ স্থাপন কৰাৰ পূৰ্বে সেয়া এক আৰ্মেনিয়াম চাৰ্চ আছিল বুলি কোৱা স্থানীয় ইতিহাসবিদ একাংশই ১৯০১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত ধুবুৰীৰ বাস কৰা অতি কমেও পাঁচগৰাকীকৈ আৰ্মেনিয়াম ব্যক্তিৰ নাম লিপিবদ্ধ থকা বুলিও যুক্তি প্ৰদৰ্শন কৰে। আনকি ধুবুৰীৰ সেই ঘৰটো সঁচাকৈয়ে আৰ্মেনিয়াম চাৰ্চ নেকি বুলি সেয়া প্ৰকৃত গৱেষকৰ হতুৱাই সঠিক ভাৱে অনুসন্ধান কৰাৰ প্ৰয়োজন থকা বুলিও উচ্চাৰিত হৈ অহা পোৱা গৈছে দীৰ্ঘ বহু বছৰৰ পৰা। পিছে আৰ্মেনিয়াম চাৰ্চ হওক বা নহওক; ধুবুৰীৰ ইতিহাসৰ সৈতে জড়িত ‘‘লেডিজ ক্লাব’ৰ যথাযথ সংৰক্ষণৰ বাবে সংশ্লিষ্ট বিভাগসমূহ আগুৱাই অহাটো কামনা কৰে কিন্তু বহু ইতিহাসপ্ৰেমীয়ে। উল্লেখ্য যে, সুপ্ৰাচীন এই ঘৰটোৰ চৌহদত অস্থায়ী গেৰেজ বনাই নিজৰ নিজৰ বিলাসী গাড়ী ৰখাৰ স্থানৰূপে আঢ্যৱন্ত একাংশ লোকে ব্যৱহাৰ কৰিব লোৱাটে দৃষ্টিকটু হোৱা বুলিও কিন্তু বিবেচিত হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like