নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত অনুষ্ঠিত নাজিৰাটিং তামুলী পর্যটন মহোৎসৱত অংশগ্রহণ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৩ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিগবৈত অনুষ্ঠিত নাজিৰাটিং তামুলী পর্যটন মহোৎসৱত অংশগ্রহণ কৰি কয় যে ৰাজ্য চৰকাৰে এই মহোৎসৱক অসমৰ অন্যতম শ্রেষ্ঠ পর্যটন অনুষ্ঠানলৈ ৰূপান্তৰ কৰিব৷ তিনিচুকীয়াৰ ডিগবৈত অনুষ্ঠিত মহোৎসৱৰ আজি অন্তিমটো দিনত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই মহোৎসৱৰ আয়োজকসকলক প্রশংসা কৰি কয় যে অৰুণাচল প্রদেশৰ টাৱাং উৎসৱ আৰু মেঘালয়ৰ চেৰী ব্লজম মহোৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰে নাজিৰাটিং তামুলী পর্যটন মহোৎসৱক ৰাজ্যখনৰ অন্যতম আকর্ষণীয় পর্যটন অনুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে৷ এই উপলক্ষে পর্যটকৰ বাবে অধিক সা–সুবিধা সৃষ্টিৰ লক্ষ্যৰে নাজিৰাটিং তামুলী পর্যটন আৱর্তৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটি টকাৰ কথাও তেওঁ ঘোষণা কৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে আকর্ষণীয় পর্যটনস্থলীৰ সৈতে অসম সদায়েই প্রকৃতিৰ আশীষ ধন্য হৈ আছে৷ এই ক্ষেত্রত নাজিৰাটিং তামুলী পর্যটন আৱর্ত ৰাজ্যখনৰ পর্যটন মানচিত্রত এক নতুন সংযোজন৷ তেওঁ কয় যে ডিগবৈত অনুষ্ঠিত নাজিৰাটিং তামুলী মহোৎসৱত অংশগ্রহণ কৰি তেওঁ সঁচাকৈয়ে আনন্দিত অনুভৱ কৰিছে৷ ড০ শর্মাই লগতে কয় যে ডিব্রু নদী তথা উদ্ভিদ আৰু প্রাণী জগতৰ দ্বাৰা সমৃদ্ধ নান্দনিক দৃশ্যপটত অনুষ্ঠিত এই মহোৎসৱে প্রকৃতিপ্রেমীসকলৰ বাবে এক অনাবিল অভিজ্ঞতা প্রদান কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে এই অঞ্চলটোৰ প্রাকৃতিক সৌন্দর্য আৰু বিভিন্ন প্রজাতিৰ পক্ষীৰ উপস্থিতিয়ে নাজিৰাটিং তামুলীক এক আকর্ষণীয় পর্যটন স্থলীলৈ ৰূপান্তৰিত কৰি তুলিছে৷ তদুপৰি অতিথিশালা, পথ আদি নির্মাণেৰে পর্যটকৰ বাবে ইয়াত নতুন সুবিধা সংযোজিত হৈছে৷ এই মহোৎসৱৰ আন এক আকর্ষণ হৈছে এই পর্যটনস্থলী বিভিন্ন জাতি–জনগোষ্ঠীৰ বাবে এক মিলনভূমিলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনীয়তা আছে৷ তেওঁ আয়োজকসকলক এই মহোৎসৱ আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে ইয়ে নিয়োগৰ নতুন সুবিধা সৃষ্টি কৰাৰ লগতে ছাত্র–ছাত্রী তথা প্রকৃতিপ্রেমীসকলক আকর্ষিত কৰাত সহায় কৰিব৷ তেওঁ কয় যে বিশেষকৈ ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ বাবে বিগত কেইবছৰ মানৰ পৰা অসমত উন্নয়নৰ এক অভূতপূর্ব জোৱাৰ দেখা গৈছে৷ তেওঁ কয় যে এসময়ত কাম কাজ বন্ধৰ উপক্রম হোৱা ডিগবৈ শোধনাগাৰটোৱে আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গতিশীল নেতৃত্বত সক্ষমতা বৃদ্ধিৰ ক্ষেত্রত এক নতুন ৰূপ পাবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ আর্থ–সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক বিকাশ ক্ষিপ্রতাৰে গিি তোলাৰ এক সামগ্রিক পৰিকল্পনা আছে৷ ডিব্রু নদীয়ে সৃষ্টি কৰা খহনীয়াৰ পৰিপ্রেক্ষিতত জলসম্পদ বিভাগে এই সমস্যা সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে ডিগবৈত বর্তমানৰ অৰুণোদয় হিতাধিকাৰীৰ তালিকাত আৰু ৬ হাজাৰ হিতাধিকাৰী সংযোজন কৰিব৷ পাছত মুখ্যমন্ত্রীয়ে ডিব্রু ভৱন অতিথিশালাটো পর্যটকৰ বাবে উৎসর্গা কৰে৷ প্রায় ৫৭ লাখ টকা ব্যয় সাপেক্ষে প্রধানমন্ত্রীৰ খনিজ ক্ষেত্র কল্যাণ যোজনাৰ অধীনত লোক নির্মাণ গৃহ বিভাগৰ দ্বাৰা নির্মাণ কৰা হৈছে এই অতিথিশালাটো৷ ডিগবৈৰ বিধায়ক সুৰেন ফুকনে আদৰণী ভাষণ প্রদান কৰা কার্যসূচীত কেন্দ্রীয় (ৰাজ্যিক) মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, বিধায়ক তৰংগ গগৈ, ৰূপজ্যোতি কুর্মী, বলিন চেতিয়া, ৰূপেশ গোৱালা, অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই প্রমুখ্যে গণ্য–মান্য লোকসকল উপস্থিত থাকে৷

You might also like