নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰবাসীক পূজাৰ উপহাৰ মুখ্যমন্ত্ৰীৰ : আর্যনগৰ উৰণ সেতু মুকলি

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ গুৱাহাটীবাসীলৈ পূজাৰ উপহাৰ আগবঢ়াই আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আর্যনগৰত নৱনির্মিত উৰণীয়া সেতুখন৷ মহানগৰীৰ যান–জঁটৰ সমস্যাৰ পৰা সাধাৰণ ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে ইতিমধ্যে ৰাজ্য চৰকাৰে নির্মাণ কৰিছে কেইবাখনো উৰণীয়া সেতু৷ আর্যনগৰৰ এই উৰণীয়া সেতুখন ২০১৯–২০ বর্ষৰ ৰাজ্যিক স্ব–গ্রাধিকাৰ পুঁজিৰ অধীনত ১৪৯.০৭ কোটি টকা ব্যয় সাপেক্ষে ২০২১ চনৰ ফেব্রুৱাৰী মাহতে নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ সম্পূর্ণ কৰাৰ লক্ষ্য আছিল ২০২৩ চনৰ আগষ্ট মাহ৷ কিন্তু ১৯ মাহৰ ভিতৰতে এই সেতুখনৰ নির্মাণৰ কাম সম্পূর্ণ হৈ উঠে৷ আজি আনুষ্ঠানিকভাৱে এই উৰণীয়া সেতুখন মুকলি কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– জনসাধাৰণৰ সুখ আৰু সমৃদ্ধিৰ ওপৰতে চৰকাৰ এখনৰ গ্রহণযোগ্যতা নির্ভৰ কৰে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি তেওঁ কয়– গুৱাহাটী মহানগৰীক এক নতুন দিগন্তলৈ নিয়াৰ বাবে প্রচেষ্টা হাতত লৈছে চৰকাৰে৷ এই প্রচেষ্টা জনসাধাৰণৰ সহায়–সহযোগিতাত সফল হ’ব বুলি মই আশাবাদী৷ গুৱাহাটীক সমগ্র দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখৰূপে গঢ়ি তোলাৰ ক্ষেত্রত জনসাধাৰণৰ এই সহযোগিতাই যথেষ্ট সুবিধা আগবঢ়াব৷ গুৱাহাটী উন্নয়নৰ বিভিন্ন পদক্ষেপ আৰু পৰিকল্পনাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়– মালিগাঁৱত নির্মীয়মাণ প্রায় চাৰি কিঃমিঃ দৈর্ঘ্যৰ উৰণীয়া সেতুখনৰ কাম অহা বর্ষৰ ব’হাগ বিহুৰ সময়ত সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ তেনেদৰে ৰাধাগোবিন্দ বৰুৱা পথত সম্প্রতি নির্মাণৰত উৰণ সেতুখনৰ কাম ২০২৪ চনৰ ব’হাগ বিহুৰ পূর্বে সম্পূর্ণ হৈ উঠিব৷ এই দুয়োখন সেতু মুকলি গুৱাহাটীৰ যাতায়াত ব্যৱস্থা যথেষ্ট সুচল হৈ পৰিব৷ সমান্তৰালভাৱে দীঘলীপুখুৰীৰ পাৰ আৰু সন্দিকৈ মহাবিদ্যালয়ৰ সমীপৰ পৰা বামুণীমৈদামলৈ আন এক উৰণ সেতু নির্মাণৰ কাম আৰম্ভ হ’ব৷ প্রায় ৬ কিঃমিঃ দৈর্ঘ্যৰ এই উৰণ সেতুখনৰ প্রাককলন ইতিমধ্যে সাজু হৈছে৷ মুখ্যমন্ত্রীয়ে আর্য মহাবিদ্যালয়ৰ পৰা লখৰা তথা ৰাষ্ট্রীয় ঘাইপথলৈ যাতায়তৰ সুবিধার্থে ৰাজ্য চৰকাৰে কালাপাহাৰৰ চাইকেল ফেক্টৰী অঞ্চলত আন এক উৰণীয়া সেতু নির্মাণৰ পৰিকল্পনা লোৱাৰ কথাও আজি জানিবলৈ দিয়ে৷ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপ বিভিন্ন স্তৰত ৰূপায়ণ হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– ব্রহ্মপুত্রৰ ওপৰেৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ কাম অহা এক–ডেৰ বছৰৰ ভিতৰত সম্পূর্ণ হ’ব৷ পলাশবাৰী–শুৱালকুছ্ সংযোগী লুইতৰ ওপৰত প্রস্তাৱিত আন এখন দলঙৰ নির্মাণকার্য অহা ২০২৩ বর্ষৰ আগভাগতে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ যাতায়াতৰ সুবিধার্থে চৰকাৰে এটা ৰিং ৰোড নির্মাণৰ পৰিকল্পনাও গ্রহণ কৰিছে৷ এই ৰিং ৰোডটোৰ নির্মাণৰ কাম অহা বছৰৰ আগষ্ট মাহত অনুষ্ঠিত হ’ব৷ নাৰেংগী–কুৰুৱা সংযোগী ব্রহ্মপুত্র নদীৰ ওপৰেৰে প্রস্তাৱিত দলংখনৰ আর্হি প্রস্তুতৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে বাৰাণসীৰ আর্হিত ৰাজ্য চৰকাৰে খানাপাৰাৰ পৰা বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰলৈ ৰোপ ৱে’ নির্মাণৰো চিন্তা–চর্চা কৰিছে৷ পৰিৱেশসন্মত তথা কম সময়ৰ ভিতৰতে অহা–যোৱা কৰিব পৰা এই ৰোপ ৱে’ জনসাধাৰণৰ যাতায়াতত যথেষ্ট সহায় কৰিব৷ পানীযোগান প্রকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আজি কয় – গুৱাহাটীৰ দুয়োটা পানীযোগান প্রকল্পৰ কাম ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ মহানগৰবাসীৰ বাবে পর্যাপ্ত মুকলি ঠাইৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে চানমাৰিস্থিত জলসিঞ্চন আৰু বান নিয়ন্ত্রণ বিভাগৰ কার্যালয় স্থানান্তৰিত কৰি উক্ত ভূমিত এখন উদ্যান নির্মাণ কৰা হ’ব৷ প্রায় ১২–১৪ বিঘা মাটিকালি এই উদ্যানখনৰ নির্মাণৰ কাম আগন্তুক বর্ষৰ প্রথম ভাগত আৰম্ভ হ’ব৷ আনহাতে ৰাজ্য চৰকাৰে ৰাষ্ট্রীয় ঘাইপথৰ সমীপত এটা সংহত সঞ্চালকালয় ভৱন নির্মাণৰ পৰিকল্পনাও লৈছে৷ দৃষ্টিনন্দনকৈ নির্মাণ হ’বলগীয়া এই সংহত সঞ্চালকালয় ভৱনটোত বিভিন্ন বিভাগৰ সঞ্চালকালয়সমূহ থাকিব৷ তেওঁ লগতে কয় যে পাণবজাৰস্থিত উপায়ুক্ত কার্যালয়কে ধৰি বিভিন্ন ভৱন ভাঙি সমগ্র অঞ্চলটোত জনসাধাৰণৰ খোজকঢ়াৰ সুবিধার্থে মুকলি কৰাৰ বাবে কাম–কাজ চলি আছে৷ ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰৰৰ ভূমিত নির্মীয়মাণ উদ্ভিদ উদ্যানখন চলিত বর্ষতে মুকলি কৰিব পৰা যাব বুলিও তেওঁ কয়৷ তেনেদৰে পল্টন বজাৰৰ আৰক্ষী ছাউনী নতুনকৈ নির্মাণৰ কাম বিগত সপ্তাহত নির্মাণকাৰী প্রতিষ্ঠান এল এণ্ড টিক দিয়া হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রীয়ে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে গুৱাহাটী পৌৰ নিগমক সম্পূর্ণ নিকা, স্বচ্ছ আৰু ডিজিটাইজেছনৰ ওপৰত ভিত্তি কৰা এটা অনুষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ বিভাগীয় মন্ত্রীক আহ্বান জনায়৷ তেওঁ লগতে গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীক প্রদান কৰা সকলো সেৱা ডিজিটেল প্লেটফর্ম আধাৰিত কৰাৰ ব্যৱস্থা ল’বলৈ কামৰূপ জিলা প্রশাসন, পৌৰ নিগম আৰু জিএমডিএক আহ্বান জনায়৷ তেওঁ কয় যে গুৱাহাটীত ভূমি ক্রয়–বিক্রয়ৰ পিছত নামজাৰি, বিদ্যুৎ বিলৰ নাম সলনি আৰু সম্পত্তিৰ কৰ প্রদান কৰিবলগীয়া ব্যক্তিৰ নাম একেলগে অন্তর্ভুক্ত কৰিব পৰা ব্যৱস্থা এটি গঢ়ি তোলাৰ বাবে চৰকাৰে আঁচনি হাতত লৈছে৷ মুখ্যমন্ত্রীয়ে এই প্রসংগত কয় যে ৰঙা ফিটাৰ মেৰপেঁচৰ পৰা চৰকাৰ এখনক যিমানেই উলিয়াই আনিব পৰা যায়, সিমানেই জনসাধাৰণৰ মাজত চৰকাৰৰ গ্রহণযোগ্যতা বৃদ্ধি পায়৷ ভাষণত মুখ্যমন্ত্রীয়ে গুৱাহাটী পৌৰ নিগমৰ প্রতিটো পৰিষদীয় সমষ্টিৰ অধীনস্থ বাট–পথ নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে এটা পথ উন্নয়ন পৰিকল্পনা হাতত লোৱাৰ পৰিকল্পনাৰ কথা সদৰী কৰে৷ তেওঁ কয় যে ইয়াৰ অধীনত প্রতিটো পৰিষদীয় সমষ্টিলৈ ১০ কোটিকৈ মুঠ ৬০০ কোটি টকা প্রদান কৰা হ’ব৷ উল্লেখ্য যে লোকনির্মাণ (পথ) বিভাগৰ বিশেষ আয়ুক্ত আৰু সচিব ৰাজেশ কেম্প্রায়ে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত মন্ত্রী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়ক সিদ্ধার্থ ভট্টাচার্য আৰু অতুল বৰাই ভাষণ প্রদান কৰে৷ অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়া, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত আৰু সচিব ৰাজ চক্রৱর্তী আদিকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে৷

You might also like