কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ২০খন ইনফ্লেটেবল ৰবৰ নাও প্ৰদান মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাগৰিত অনুষ্ঠিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ বাবে ২০খনকৈ ইনফ্লেটেবল ৰবৰ নাও (আই আৰ বি) আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখযোগ্য যে এই নাওসমূহ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা বন বিভাগক প্ৰদান কৰা হৈছে। ইফালে, আজি বাগৰি বনাঞ্চলৰ মুখ্যদ্বাৰত ফিটা কাটি নাওসমূহ উদ্বোধন কৰে। ইয়াৰ পাছতে ডিফলু নদীৰ পকী দলঙৰ পৰা ফ্লেগ অফ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়া কাজিৰঙাৰ সুৰক্ষাৰ বাবে এক উল্লেখযোগ্য সহায় হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, উক্ত ৰবৰৰ নাওসমূহ চোৰাং চিকাৰীৰ বিৰুদ্ধে কৰা অভিযান আৰু বানপানীৰ সময়ত পহু আদিকে সৰু সুৰা বন্যজন্তুও উদ্ধাৰ কৰিব পাৰিব।নাওসমূহ চালনৰ বাবে ভাৰতীয় নৌসেনাৰ বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত বিষয়া নিয়োগ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। উল্লেখযোগ্য যে বিগত ভয়াৱহ বানত পানীত ডুবি গঁড়, পশু আদিকে ধৰি দুশৰো অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছিল।এতিয়াৰে পৰা বানৰ সময়ত পশু আদিকে ধৰি বিভিন্ন সৰু বন্যজন্তু এই নাৱেৰে উদ্ধাৰ কৰিব পাৰিব। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বন বিভাগৰ মুখ্য সচিব এন.কে যাদৱ, কাজিৰঙাৰ সঞ্চালক ড০ সোণালী ঘোষ, ডি এফ অ অৰুণ বিঘ্নেশ আদি উচ্চ পদস্থ বিষয়া সকলে অংশগ্ৰহণ কৰে।আনহাতে এইবাৰ বানত ৰাজপথত বন্যপ্ৰাণীৰ হতাহতৰ সংখ্যা যথেষ্ট কম হোৱাৰ বাবে এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।ইফালে প্রস্তাৱিত এলিভটেড কৰিডৰ কাম আগন্তুক দুমাহৰ ভিতৰতে আৰম্ভ হব বুলি উল্লেখ কৰি কাজিৰঙাত এলেভেটেড কৰিডৰ হলে চাৰিলেনযুক্ত পথ হোৱাৰ সম্ভাৱনা নাই বুলি জানিবলৈ দিয়ে।
প্ৰেৰক ৰঞ্জিত ৰজক