নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক : ই–এজাহাৰ সেৱা প্রৱর্তনত গুৰুত্ব

বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত আৰক্ষী বাহিনীৰ এক পর্যালোচনা বৈঠকত পৌৰোহিত্য কৰি নিযুক্তি, নতুন যুগৰ অপৰাধ মোকাবিলা কৰাৰ প্রস্তুতি, বিত্তীয় তথা প্রশাসনিক ব্যৱস্থাৰাজি ইত্যাদিকে ধৰি ৰাজ্যৰ আৰক্ষী বাহিনীৰ বিভিন্ন বিষয়সমূহৰ বুজ লয়৷ বৈঠকত অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে একবিংশ শতিকাৰ প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আৰক্ষী বিভাগক আধুনিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাজ্যিক আৰক্ষী বাহিনী তথা গৃহ বিভাগৰ দীর্ঘম্যাদী পৰিকল্পনা সামৰি লোৱা পদক্ষেপসমূহৰ বিষয়ে প্রেজেণ্টেশ্যনৰ জৰিয়তে মুখ্যমন্ত্রীক অৱগত কৰে৷ বৈঠকত মুখ্যমন্ত্রীয়ে সন্ত্রাসবাদীৰ হিংসাত্মক কার্যকলাপত প্রাণাহুতি দিয়া আৰক্ষী বাহিনীৰ লোকসকলৰ নিকটাত্মীয়ক অনুকম্পামূলক নিযুক্তি দিয়াটো সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷ তেওঁ লগতে অতি কম সময়ৰ ভিতৰতে এই নিযুক্তি প্রক্রিয়া সম্পূর্ণ হোৱাটো সুনিশ্চিত কৰিবলৈও কয়৷ অনলাইনৰ জৰিয়তে শিশু পর্ণগ্রাফী, চাইবাৰ জালিয়াতি আদিৰ দৰে নতুন যুগৰ অপৰাধসমূহৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে বিভাগটোত প্রয়োজনীয় মানৱ সম্পদ বৃদ্ধি কৰিবলৈও অসম আৰক্ষীৰ শীর্ষ বিষয়াসকলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ জনসাধাৰণে যাতে আৰক্ষী থানালৈ নোযোৱাকৈয়ে অনলাইন সেৱাৰ সুবিধা লাভ কৰিব পাৰে সেই বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে আৰক্ষী সঞ্চালকপ্রধানক অনলাইনৰ সম্ভাব্য সেৱাসমূহক সামৰি এখন হাতপুথি প্রস্তুত কৰিবলৈ কয়৷ এই দিশত প্রয়োজনীয় আলোচনাৰ জৰিয়তে সময় নির্দ্ধাৰিতভাৱে এই কাম সম্পন্ন কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে লগতে আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে বর্তমানে গ্রহণ কৰা সংস্কাৰমূলক ব্যৱস্থাত যাতে কোনো ধৰণৰ আমোলাতান্ত্রিক মেৰপেচৰ ফলত বাধাগ্রস্ত নহয়, তাৰ বাবে ব্যৱস্থা গঢ়ি তোলাৰ বাবে পৰামর্শ আগবঢ়াব৷ মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট কর্তৃপক্ষক আৰক্ষীৰ কাম–কাজ সূচাৰুৰূপে পৰিচালনা কৰাত সহায়ক হোৱাৰ বাবে ৰাজ্যৰ আৰক্ষী বিভাগক কেতবোৰ বিশেষ আর্থিক আৰু প্রশাসনিক ক্ষমতা প্রদান কৰিবলৈও নির্দেশ দিয়ে৷ ৰাজ্যবাসীৰ হিতৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই দেশৰ বিভিন্ন প্রান্তৰ আৰক্ষী বাহিনীৰ উত্তম পদ্ধতিসমূহ গ্রহণ কৰি ৰাজ্যৰ জনসাধাৰণ উপকৃত হব পৰাকৈ অসম আৰক্ষীক এই পদ্ধতিসমূহ কার্যকৰী কৰাৰ বাবে শীর্ষ আৰক্ষী বিষয়াসকলক নির্দেশ দিয়ে৷ পাঁচ বা তাতোধিক কর্মচাৰী থকা ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ চৌহদৰ ভিতৰত চিচি টিভি কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক কৰাৰ নির্দেশনা প্রদান কৰিবলৈ মুখ্যমন্ত্রীয়ে বিষয়াসকলক নির্দেশ দিয়ে৷ ইয়াৰ জৰিয়তে মহানগৰীত অপৰাধমূলক কার্যকলাপ বহুলাংশে বাধা দিব পৰা যাব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ লগতে চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like