নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ : গুৱাহাটীৰ পানীখাইতী ৰেলগেটত লেভেল ক্ৰছিং মহটিয়ালে ট্ৰাকে 

বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ নাৰেংগী-চন্দ্ৰপুৰ পথত থকা পানীখাইতী ৰেল গেটত সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে বহু লোক। প্ৰাপ্ত তথ্য অনুসৰি তীব্ৰবেগী ট্ৰাক এখনে নাৰেংগী-পানীখাইতী ষ্টেচনৰ মাজত থকা লেভেল ক্ৰচিং মহটিয়াই নিয়াৰ ফলত  সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। প্ৰাপ্ত তথ্য অনুসৰি এ এছ ০১,এইচ চি ৮১৮৬ নম্বৰৰ অসম প্ৰকাশন পৰিষদৰ বিনামূলীয়া পাঠ্যপুথি কঢ়িওৱা ট্ৰাক খন চন্দ্ৰপুৰ দিশৰ পৰা নাৰেংগী অভিমুখে গৈ আছিল। লেভেল ক্ৰচিঙৰ স্থান পোৱা মুহুৰ্তত ৰেলগেট বন্ধ কৰে সংশ্লিষ্ট ৰেল কৰ্মচাৰীয়ে। তেনে সময়তে তীব্ৰ বেগী ট্ৰাকখনে গেট বন্ধৰ সংকেত আওকাণ কৰি মহটিয়াই নিয়ে লেভেল ক্ৰচিং। তীব্ৰ বেগত মৰা খুন্দাৰ ফলত গেটত ব্যৱহাৰ কৰা লোহাৰ পাইপ ভাঙি ৰেল আলিৰ ওপৰেৰে যোৱা ৰেল চলাচলৰ বাবে ব্যৱহৃত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ তাঁৰত লাগে আৰু লগে লগে বৃহৎ শব্দ কৰি জুই জ্বলি বিদ্যুৎ পৰিবাহী তাঁৰ ডাল ছিঙি যায়। ফলত সেই সময়ত পথেৰে চলাচল কৰা আন বাহন আৰু পথচাৰীৰ মাজত হাহাকাৰ লাগে। লগে লগে গাতে লাগি থকা পানীখাইটি আৰক্ষী চকীৰ আৰক্ষী আহি ট্ৰাক খন জব্দ কৰাৰ লগতে আটক কৰে চালকজনক। অৱশ্যে এই ভয়ংকৰ দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে। ইয়াৰ পিছতে কিছু সময়ৰ বাবে ৰেল চলাচল ব্যাহত হয় যদিও বৰ্তমান স্বাভাৱিক হৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছত ৰেল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

 

প্ৰেৰক বিভাস দাস

You might also like