জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীক কর্মতৎপৰতাৰ প্রশংসাসূচক বেজ প্ৰদান মুখ্যমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ২ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত সময়ানুৱর্তিতা আৰু নিয়মানুৱর্তিতাৰে সেৱা আগবঢ়োৱা অসম সচিবালয়ত কর্মৰত একাংশ বিষয়া–কর্মচাৰীক তেওঁলোকৰ কর্মতৎপৰতাৰ স্বীকৃতি স্বৰূপে একোটাকৈ প্রশংসাসূচক বেজ প্রদান কৰি অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে ৰাজ্যৰ বিকাশৰ বাটত চৰকাৰী কাম–কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰি অহা জনতা ভৱনৰ বিষয়া–কর্মচাৰীসক সম্বর্ধনা জ্ঞাপনৰ এই পদক্ষেপৰ অধীনত পুৱা ৯:৩০ বজাৰ পৰা আৱেলি ৫ বজালৈ নিয়মীয়াকৈ কার্যালয়ত কর্ম সম্পাদন কৰা কর্মচাৰীসকলক মই সময়ানুৱর্তিতা বজাই ৰাখি গৌৰৱান্বিত শীর্ষক এটা বেজ আৰু পুৱা ৯:৩০ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ নিয়মীয়াকৈ কার্যালয়ত কর্ম সম্পাদন কৰা কর্মচাৰীসকলক মই মোৰ ৰাজ্যৰ বাবে কঠোৰ পৰিশ্রম কৰোঁ শীর্ষক বেজ আগবেোৱাৰ ব্যৱস্থা কৰা হৈছে৷ নিয়মানুৱর্তিতা আৰু সময়ানুৱর্তিতা প্রদর্শনেৰে এনে বেজ লাভৰ বাবে নির্বাচিত মুঠ ৪৮১গৰাকী কর্মচাৰীৰ ভিতৰত ৫২গৰাকীক আজিৰ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে বেজ প্রদান কৰে৷ ইয়াৰে ১১গৰাকী বিষয়া–কর্মচাৰীয়ে মই মোৰ ৰাজ্যৰ বাবে কঠোৰ পৰিশ্রম কৰোঁ শীর্ষক বেজ লাভ কৰিছে৷ এই উপলক্ষে প্রদান কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই অসম সচিবালয় ৰাজ্যৰ প্রশাসনৰ হৎপিণ্ড স্বৰূপ বুলি মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰে নীতিগতভাৱে গ্রহণ কৰা সিদ্ধান্তসমূহ আৰু সর্বস্তৰৰ লোকৰ আশা–আকাংক্ষাসমূহ বিষয়া–কর্মচাৰীসক দ্বাৰা ৰূপায়িত তথা বাস্তৱায়িত হয়৷ যি ৰাজ্যৰ বিষয়া–কর্মচাৰীসক চৰকাৰে জনসাধাৰণৰ হিতার্থে লোৱা সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে তৎপৰ হৈ থাকে তেনে ৰাজ্য কেতিয়াও পিছ পৰি থাকিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিগত ২০২২ বর্ষত উন্নয়ন আৰু বিকাশ, আইন–শৃংখলা, প্রশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়া আদি বিভিন্ন দিশত ৰাজ্য চৰকাৰে এক দৃশ্যমান সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে যদিও ৰাজ্যখনৰ সন্মুখত বহু দীঘলীয়া পথ, লক্ষ্য আৰু সপোন আছে৷ ইয়াৰ পৰিপ্রেক্ষিততে তেওঁ বিষয়া–কর্মচাৰীসক উৎসর্গিত মনোভাৱেৰে সেৱা আগববাবলৈ আৰু ধাৰাবাহিক উদ্ভাৱনীমূলক চিন্তা–চচ্র্চা তথা কাম–কাজত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে বিগত ৭৫ বছৰত অসমে বিভাজনৰ সমস্যা, বানপানীৰ সমস্যা, আইন–শৃংখলাৰ সমস্যাকে ধৰি বহু সমস্যাৰ সন্মুখীন হৈছে আৰু ৰাজ্যখনে সন্মুখীন হোৱা এনেবোৰ বহু সমস্যা দেশৰ কম সংখ্যক ৰাজ্যইহে সন্মুখীন হবলগীয়া হৈছে৷ তেওঁ কয় যে কর্মতৎপৰতাৰে আৰু সময়োচিতভাৱে কার্য সম্পাদনৰ দ্বাৰাইহে অসমৰ ভাগ্য সলনি কৰিব পৰা যাব৷ চলিত বর্ষত নিত্য নতুন চিন্তাৰে আগবািি যাবলৈও উপস্থিত বিষয়া–কর্মচাৰীসক তেওঁ আহ্বান জনায়৷ সময়ানুৱর্তিতা, নিয়মানুৱর্তিতা প্রদর্শন কৰা বিষয়া–কর্মচাৰীসক বেজ প্রদান কৰি এইদৰে অভিনন্দন জনোৱাৰ পদক্ষেপ লোৱা বাবে মুখ্যমন্ত্রীয়ে ৰাজ্যৰ মুখ্য সচিবৰ শলাগ লয়৷ বিষয়া–কর্মচাৰীসক যাতে এটা উন্নত আৰু আনন্দদায়ক পৰিৱেশত নিজ নিজ কর্ম সম্পাদন কৰিব পাৰে সেই উদ্দেশ্যে চলিত বর্ষত জনতা ভৱনক নতুনকৈ সজাই পৰাই তোলা হব বুলিও মুখ্যমন্ত্রীয়ে ভাষণ প্রসংগত উল্লেখ কৰে৷ তেওঁ লগতে অসম সচিবালয়ত কর্মৰত বিষয়া–কর্মচাৰীসক সুবিধার্থে সমবায় প্রতিষ্ঠা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা প্রৱর্তনৰো পোষকতা কৰে৷ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্রহ্ম, নন্দিতা গার্লোছা, জয়ন্ত মল্লবৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাৰ উপৰি অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব আদিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়া আৰু জনতা ভৱনৰ বহুসংখ্যক কর্মচাৰী উপস্থিত থাকে।