অসমৰ মুক্তিযুঁজাৰুসকলে লাভ কৰিব বিনামূলীয়া স্বাস্থ্য সেৱা
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুক্তিযুঁজাৰুসকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আজি এই ঘোষণা কৰে।
অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকত মুক্তিযুঁজাৰুসকলৰ পেঞ্চন বৃদ্ধি আৰু স্বাধীনতা সংগ্ৰামৰ ১৯ গৰাকী শ্বহীদৰ নিকটাত্মীয়লৈ আৰ্থিক অনুদান আগবঢ়োৱা সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয়।
তদুপৰি, মুক্তিযুঁজাৰুসকলৰ শেষকৃত্য মৰ্যাদাপূৰ্ণভাৱে সম্পন্ন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে লগতে নিৰ্দেশ প্ৰদান কৰে।
CM Shri @sarbanandsonwal has announced free treatment of freedom fighters of the state. The decision was taken in a meeting with representatives of the Assam State Freedom Fighters’ Association in Guwahati. pic.twitter.com/5Jof9IBHqv
— Chief Minister Assam (@CMOfficeAssam) February 20, 2021