নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুকিং আৰম্ভ হৈছে Honda CB350RS, প্ৰাৰম্ভিক মূল্য কিমান জানেনে ?

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ এইবাৰ দেশৰ বজাৰ কপাবলৈ আহি আছে Honda CB350RS। সম্প্রতি এক ঘোষণাত এই কথা জনালে Honda Motorcycle and Scooter India (HMSI)। এই ক্ষেত্ৰত মটৰচাইকেলখনৰ মূল্য ১.৯৬ লাখ টকাৰ পৰা আৰম্ভ হৈছে। বাজাৰলৈ আহিয়ে ৰেচিং বাইকসমূহক টক্কৰ দিবলৈ একপ্ৰকাৰ সাজু নতুন এই Honda CB350RS।

ব্লেক আউট ডিজাইন থিমটো বাইকচাইড পেনেল, সন্মুখ আৰু ৰিয়াৰ পেনেল, হেডলেম্প এনচিচিং, সন্মুখৰ চাচপেন্সন, ৰিয়াৰ চাচপেন্সন, হৰ্ণেৰে সজোৱা হৈছে।

পৰম্পৰাগত ডিজাইনৰ পৰা আঁতৰি বাইকখনক স্পোর্ট লুক দিবলৈ চেষ্টা কৰা হৈছে।  CB350 H’ness মডেলত চিঙ্গল পিছ ইউনিট হেন্ডেলবাৰ আছে। এই বাইকখন আছে নতুন LED টেইল লেম্প, LED ইন্ডিকেটৰ। ইঞ্জিনৰ তলৰ ফালে আছে নতুন স্কিড প্লেট। চিট ডিজাইনৰ কথা ভাবি ফ্রন্ট ফর্ক গেটৰছ আছে। এইক্ষেত্রত বাইকখনত আছে (১০০/৯০) ফ্রন্ট টায়াৰ আৰু (১৫০/৭০) বেক টায়াৰ।

Honda-ৰ ফালৰ পৰা জনোৱা হৈছে, ইতিমধ্যেই আৰম্ভ হৈছে বাইকখনৰ বুকিং। সকলো ঠিকে থাকিলে মার্চৰ মাজভাগতে ডেলিভাৰি দিয়া আৰম্ভ হ’ব।

You might also like