আদৰ্শ কৃষক অঙ্গদ ডেকালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উপহাৰ
নিয়মীয়াবাৰ্তা,২৮ অক্টোবৰ : সৰ্থেবাৰীৰ এগৰাকী আদৰ্শ কৃষকলৈ উপহাৰৰ টোপোলা প্ৰেৰণ কৰিলে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন অভিনন্দন পত্ৰৰ সৈতে এগৰাকী কৃষকলৈ উপহাৰৰ টোপোলা পঠোৱাত উৎফুল্লিত হৈ পৰিছে আদৰ্শ কৃষক গৰাকী।
উল্লেখ্য সৰ্থেবাৰীৰ কাৰাকুছি গাঁৱৰ আদৰ্শ কৃষক অঙ্গদ ডেকাই উচ্চ শিক্ষা গ্ৰহণ কৰি নিজকে স্বাৱলম্বী কৰাৰ বাবে কৃষি কৰ্ম নিয়োজিত কৰিছিল।ককায়েক দুৰ্গেশ্বৰ ডেকাৰ লগত লগ লাগি নিজৰ খেতি পথাৰত গঢ়ি তুলিলে এখন কৃষি পাম। বতৰ অনুযায়ী খেতি কৰি যথেষ্ট লাভাম্বিত হোৱা অঙ্গদ ডেকা সমগ্ৰ অঞ্চলটোৰে এগৰাকী চৰ্চিত আদৰ্শ কৃষক হিচাপে পৰিচিত।উন্নত জাতৰ ধান, সঁৰিয়হ,কবি,বিলাহী, টিয়হ,কোমোৰা,ৰঙালাউ আদিৰ খেতি কৰি যথেষ্ট উপকৃত হৈছে।এইগৰাকী আদৰ্শ কৃষকৰ কৃষি কৰ্মৰ বিষয়ে বাতৰি কাকত যোগে জানিব পাৰি ২০০২ চনত তদানিন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে পশিছ হাজাৰ টকা দি পুৰস্কৃত কৰিছিল।
বিগত লকডাউনৰ সময়ত সমগ্ৰ অঞ্চলটোৰ শাক পাচলিৰ চাহিদা পুৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল এই গৰাকী আদৰ্শ কৃষক অঙ্গদ ডেকাই।গাঁৱৰ গাঁওবুঢ়া হৈও ভাতৃ অঙ্গদ ডেকাৰ লগত কৃষি কৰ্মত দিনে নিশাই শ্ৰম কৰে দুৰ্গেশ্বৰ ডেকাই।এইবাৰ উন্নত জাতৰ জহা ধানৰ খেতি কৰিছে অঙ্গদ ডেকাই।ধাননি ডৰাক লৈ যথেষ্ট আশাবাদী হৈ আছে অঙ্গদ ডেকা।সৰ্থেবাৰীৰ কাৰাকুছিৰ এইগৰাকী আদৰ্শ কৃষকলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপহাৰৰ টোপোলা প্ৰেৰণ কৰিছে।কৃষকক উৎসাহ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাক্ষৰ সম্বলিত এখন মান পত্ৰ আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে অনুবাদ কৰা এখন গ্ৰন্থ উপহাৰ হিচাপে প্ৰেৰণ কৰে। ডাকযোগে মুখ্যমন্ত্ৰীৰ এই উপহাৰৰ টোপোলা লাভ কৰি আনন্দিত আৰু উৎসাহি হৈ পৰিছে আদৰ্শ কৃষক অঙ্গদ ডেকা।মুখ্যমন্ত্ৰীয়ে এইদৰে উপহাৰৰ টোপোলা প্ৰেৰণ কৰাত মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদ জ্ঞাপন কৰে আদৰ্শ কৃষক অঙ্গদ ডেকাই।লগতে খেতিত জলসিঞ্চনৰ সুবিধা কৰিবলৈ এটি সৌৰশক্তি চালিত পাম্পৰ ব্যৱস্থা কৰি দিবলৈ অঙ্গদ ডেকাই কৰযোৰে মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়।