নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত প্ৰকৃতিপ্ৰেমী সংস্থা আৰ্থ ৰেঞ্জাৰৰ প্ৰতিনিধি দল 

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ- বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰাত আজি বৰপেটা জিলাৰ অন্যতম প্ৰকৃতিপ্ৰেমি সংস্থা  আৰ্থ ৰেঞ্জাৰৰ এটি ৭ জনীয়া  প্ৰতিনিধি দল উপস্থিত হৈ   প্ৰকৃতি ৰক্ষণাবেক্ষণ তথা বন্যপ্ৰানীৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে । দলটোৱে এক মটৰ চাইকেল যাত্ৰাৰে আজি দুপৰীয়া চলন্তাপাৰাত উপস্থিত হৈ ৰাইজৰ মাজত প্ৰচাৰ পত্ৰ বিতৰণ কৰে । প্ৰকৃতিক কিদৰে ৰক্ষণাবেক্ষণ দিব লাগে, ইয়াৰ প্ৰয়োজনীয়তা তথা উপকাৰীতা, বন্যপ্ৰানীৰ সুৰক্ষাৰ ক্ষেত্ৰত মানুহৰ কৰণীয় আদি বিভিন্ন দিশৰ কথা উল্লেখ থকা একোখনকৈ প্ৰচাৰ পত্ৰ পথাচাৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো বিতৰণ কৰে সংস্থাটোৰ সদস্য সকলে ।

উল্লেখ্য যে , সাত দিনীয়া কাৰ্যসূচীৰে কালি মানাহৰ পৰা মটৰ চাইকেল  যাত্ৰা আৰম্ভ কৰা দলটোৱে পৱিতৰা , কাজিৰঙা, নামেৰী, ওৰাং, বৰনদীয়া আদিকে ধৰি বিভিন্ন অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যান  পৰিভ্ৰমণ কৰি পুণৰ মানাহত উপস্থিত হৈ যাত্ৰাৰ সামৰণি মাৰিব । সংস্থাটোৰ সদস্য সকলে জানিবলৈ দিয়া মতে, মুলতঃ প্ৰকৃতি ৰক্ষণাবেক্ষণ  আৰু বন্যপ্ৰানী সংৰক্ষণৰ উদ্দেশ্যৰে আৰ্থ ৰেঞ্জাৰ নামৰ সংস্থাটো গঠন কৰা হৈছিল ।

ইতিমধ্যে সংস্থাটোৱে মানাহ অভয়াৰণ্যৰ পৰা বাহিৰলৈ ওলাই অহা বহু বন্যপ্ৰানীক তেওলোকে  উদ্ধাৰ কৰি পুণৰসংস্থাপনৰ ব্যৱস্থা কৰি আহিছে । তেওলোকৰ এই যাত্ৰাত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীয়ে যথেষ্ট সহায়-সহযোগিতা আগবঢ়োৱা বুলি তেও তেওঁলোকে জানিবলৈ দিয়ে ।

 

 

You might also like