নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিমলীতোলাত নাও দুৰ্ঘটনাত নিহতৰ পৰিয়ালত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ জুলাই : অৱশেষত উদ্ধাৰ হয় গোৱালপাৰাৰ শিমলীতোলাত সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাত নিখোজ পাঁচ যুৱকৰ মৃতদেহ। আজি পুৱাৰে পৰা এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলায় আৰু অভিযানত পাঁচজনৰ ভিতৰৰে অৱশিষ্ট দুজন ক্ৰমে গৌৰাংগ মালাকাৰ আৰু উদয় সৰকাৰৰ মৃতদেহ উদ্ধাৰ হয়। উল্লেখ্য যে কালি শিমলীতোলা বঙালীপাৰাৰ ৰঞ্জনা সৰকাৰ নামৰ এগৰাকী মহিলাৰ মৃত্যু ঘটাত মৃতদেহ স্থানীয় শ্মশানলৈ নিয়া হৈছিল। জলমগ্ন শ্মশানলৈ যোৱা পথেৰে টুলুঙা হাত নাও এখনেৰ ঘৰলৈ ওভতাৰ পথত সংঘটিত হৈছিল এক শোকাৱহ নাও দুৰ্ঘটনা। নাওখনত থকা মুঠ ২৬জনকৈ লোকৰ ভিতৰত পাচজনকৈ সন্ধানহীন হৈ পৰে। তাৰে তিনিজনৰ মৃতদেহ কালিয়েই উদ্ধাৰ হৈছিল যদিও বাকী দুজনৰ মৃতদেহ পোৱা হোৱা নাছিল। আজি পুৱাতেই উদ্ধাৰ হয় গৌৰাঙ্গ মালাকাৰ আৰু পাছলৈ উদয় সৰকাৰ অৰ্থাৎ জলজলী-কৰ্ণৈ নদীত সন্ধানহীন হোৱা পাঁচজনৰে মৃতদেহ উদ্ধাৰ হয়। আজি পুৱাৰে পৰা এছডিআৰএফ বাহিনীৰ অভিযান চলে। এই শোকাবহ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য বিয়পে। স্থানীয় প্ৰশাসন ,গোৱালপাৰা জিলা প্ৰশাসন সকলো সষ্টম হৈ পৰে আনকি ঘটনাস্থলীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও পৰিস্থিতিৰ বুজ লোৱা আৰু শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপনৰ বাবে মৃতকৰ পৰিয়াল সমূহত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীৰ সতে উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল। মুখ্যমন্ত্ৰী ড° শৰ্মাই মৃতকৰ প্ৰতিটো পৰিয়ালত উপস্থিত হৈ মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ উপৰি প্ৰতিটো পৰিয়াললৈ পাঁচ লাখ টকাৰ এককালীন বেংক চেক প্ৰদান কৰে। বৃহত্তৰ শিমলীতোলা অঞ্চলবাসী মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই উৎফুল্ল হৈ পৰে আৰু অতি কম সময়ৰ ভিতৰতে বিভিন্ন দল-সংগঠনৰ ফালৰ পৰা অঞ্চলটোৰ সমস্যাৰাজি সমাধানৰ লিখিত আৰ্জি মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে। মুখ্যমন্ত্ৰী অহাৰ বতৰা পাই পুৱাৰে পৰা কেবা সহস্ৰাধিক লোকৰ সমাগম ঘটে শিমলীতোলাত।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like