নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেৰাচাপৰিত ২ কোটি টকাৰ পাৰ্কিউপাইন আঁচনিৰ কাম শুভাৰম্ভ

উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুবন পেগু

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অৰ্ন্তগত চিয়াং লালী নদীৰ দাঁতিকাষৰীয়া ঐৰামঘাট আৰু বেৰাচাপৰি এক বৃহত্তৰ অঞ্চল৷ দীৰ্ঘদিন ধৰি জোনাইৰ এই ঐৰামঘাট আৰু বেৰাচাপৰিত হোৱা বানপানী-গৰাখহনীয়াই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷

এই বছৰো বেৰাচাপৰি অঞ্চলত হোবা প্ৰবল বানপানীয়ে সকলো তচনচ কৰি দিয়ে৷ এই বান বিধ্বস্ত বেৰাচাপৰি অঞ্চলত মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই পৰ্যবেক্ষণ কৰিছিল৷

ৰাজ্য চৰকাৰে বানপানী আৰু গৰাখহনীয়াৰ বাবে জোনাই মহকুমাৰ বেৰাচাপৰিত মথাউৰি আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন শিতানৰ পৰা ১৪ কোটি আৰু ঐৰামঘাটত ৬ কোটি টকা ঘোষণা কৰে৷ ইয়াৰে আজি চিয়াং নদীয়ে বিধ্বস্ত কৰা বেৰাচাপৰি অঞ্চলত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুবন পেগু উপস্থিতিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপন পুঁজিৰ শিতানত চিয়াং নদী পাৰৰ বেৰাচাপৰি আৰু নামনি অঞ্চলত ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ ২ কোটি টকাৰ পাৰ্কিউপাইন আঁচনিৰ কাম শুভাৰম্ভ কৰে৷

জোনাইৰ বানপীড়িত ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে শুভাৰম্ভ কৰা কাৰ্যৰ শলাগ লৈছে, কিয়নো আজি বছৰ বছৰ ধৰি নৈপৰীয়া ৰাইজে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ সন্মুখীন হৈ আহিছে৷

You might also like