হাটশিঙিমাৰীত দিব্যাংগ আৰু বয়োজেষ্ঠ্য হিতাধিকাৰীৰ শাৰীৰিক পৰীক্ষা শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসন উদ্যোগত আৰু ALIMCO সহযোগত ২২ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ৯ দিনীয়া কাৰ্যসূচীৰে মুঠ ১১৭১২ গৰাকী দিব্যাংগ আৰু বয়োজেষ্ঠ্য হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা শিবিৰৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰা হয়।
উল্লেখ্য যে জিলাখনৰ বয়োজেষ্ঠ্য আৰু দিব্যাংগ ব্যক্তিসকলক ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আচনিৰ জৰিয়তে জীৱন যাপনৰ বাবে বিনামুলীয়াকৈ সা-সঁজুলি প্ৰদানৰ উদ্যেশ্যে জিলাখনৰ দক্ষিণ শালমাৰা, মানকাচৰ আৰু জিলাৰ সদৰ হাটশিঙিমাৰীত মুঠ ৯ দিনীয়া কাৰ্যসূচীৰে শাৰীৰিক পৰীক্ষাৰ শিবিৰ অনুষ্ঠিত কৰা হয়। ৯ দিনীয়া এই শাৰীৰিক পৰীক্ষা শিবিৰত মুঠ ১১০০৬ গৰাকী বয়োজেষ্ঠ্য আৰু ৭০৬ গৰাকী দিব্যাংগ হিতাধিকাৰী সহ মুঠ ১১৭১২ গৰাকী হিতাধিকাৰীৰ শাৰীৰিক পৰীক্ষা কৰা হয়।
উল্লেখ্য যে ২২ অক্টোৰৰ পৰা ২৪ অক্টোবৰলৈ মানকাচৰ মহাবিদ্যালয়ত ২৯৩৮ গৰাকী বয়োজেষ্ঠ্য আৰু ২৩৯ গৰাকী দিব্যাংগ হিতাধিকাৰী সহ মুঠ ৩১৭৭ গৰাকী হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা কৰা হয়। একেদৰে ২৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দক্ষিণ শালমাৰা মহাবিদ্যালয়ত ১৯৫৩ গৰাকী বয়োজেষ্ঠ্য আৰু ২০৬ গৰাকী দিব্যাংগ হিতাধিকাৰী সহ মুঠ ২১৫৯ গৰাকী হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা কৰা হয়। আনহাতে জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ৬১১৬ গৰাকী বয়োজেষ্ঠ্য আৰু ২৬১ গৰাকী দিব্যাংগ হিতাধিকাৰী সহ মুঠ ৬৩৭৬ গৰাকী হিতাধিকাৰীক শাৰীৰিক পৰীক্ষা কৰাৰ পাছত এই ৯ দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে।
এই শাৰীৰিক পৰীক্ষাৰ বাবে জিলাখনত মুঠ ১৬৪৯০ গৰাকী হিতাধিকাৰীয়ে গ্ৰাহক সেৱা কেন্দ্ৰ (চিএছচি)ৰ জৰিয়তে নাম পঞ্জীয়ন কৰিছিল। অহা বছৰৰ প্ৰথম মাহতেই শাৰীৰিক পৰীক্ষা সম্পন্ন হোৱা ১১৭১২ গৰাকী হিতাধিকাৰীক জিলা প্ৰশাসনৰ আৰু এলিমকোৰ উদ্যোগত ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আচনিৰ পৰা বিনামুলীয়াকৈ সা-সঁজুলি প্ৰদান কৰা হব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে।