নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰজাবাহৰৰ যদুমণি চুতীয়াক সম্বৰ্ধনা কনচেপ্ত শিক্ষানুষ্ঠানৰ বিষয়ববীয়াৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : স্বেচ্ছাসেৱী সংগঠন ”সাহ’ৰ অন্যতম বিষয়ববীয়া তথা অগ্ৰণী শিক্ষানুষ্ঠান তিতাবৰৰ কনচেপ্ত জুনিয়ৰ কলেজৰ উপ সঞ্চালক প্ৰণৱ কুমাৰ ভূঞা আৰু যুৱকৰ্মী তথা কনচেপ্তৰ গাইডেন্স কাউন্সিলৰ নৱাব মুস্তাফা আহমেদে সোমবাৰে ৰজাবাহৰৰ যদুমণি চুতীয়াক নিজা বাসগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে তিতাবৰ মহকুমাৰ বিভিন্ন সামাজিক কামৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা যদুমণি চুতীয়াই অলপতে ভাৰতীয় দলিত সাহিত্য অকাদমী দ্বাৰা প্ৰদান কৰা ড° বি আৰ আম্বেদকাৰ ফেল’শ্বিপ বঁটা লাভ কৰিছিল। যদুমণি চুতীয়াৰ সামাজিক কৰ্মজীৱনক সন্মান প্ৰদৰ্শন কৰি কনচেপ্ত শিক্ষা প্ৰতিষ্ঠানৰ বিষয়ববীয়াই এনেদৰে সম্বৰ্ধনা জনোৱাৰ কথা জানিবলৈ দিয়ে নৱাব মুস্তাফা আহমেদে।

প্ৰেৰকঃ  অজয় শইকীয়া, নগাবাট

You might also like