জিতেন্দ্র সিঙৰ সন্মুখতে কংগ্রেছীৰ হতাহতি–মুর্দাবাদ ধ্বনি
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যত কংগ্রেছ দলৰ ভিতৰচ’ৰাত চলি থকা চৰম অৰাজকতা– উচ্ছৃংখলতা পুনৰ স্বচক্ষে প্রত্যক্ষ কৰিলে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে৷ প্রথমবাৰ অসমলৈ আহি যোৱা ২ নৱেম্বৰৰ নিশা নগাঁৱৰ ৰাজীৱ ভৱনত চকুৰ সন্মুখতে পর্যবেক্ষক সিঙে নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ সমর্থকৰ মাজত প্রচণ্ড মাৰপিট প্রত্যক্ষ কৰাৰ পাছত একেই পৰিস্থিতি দেখিলে বৰাক উপত্যকাৰ শিলচৰৰ পৰা কৰিমগঞ্জলৈ অহাৰ পথত৷
উল্লেখ্য যে যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ সপ্তাহজোৰা ভ্রমণসূচী লৈ পর্যবেক্ষক সিং আহিছিল৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষকৰ দায়িত্ব লাভ কৰাৰ পাছত প্রথম অসম ভ্রমণৰ কালছোৱাত তেওঁ উজনি অসম আৰু নামনি অসমৰ কংগ্রেছৰ নেতৃত্বৰ সৈতে বিভিন্ন বৈঠকত মিলিত হৈ সাংগঠনিক স্থিতিৰ পর্যালোচনা কৰে৷ আজি পুনৰ ৫ দিনীয়া ভ্রমণসূচী লৈ পর্যবেক্ষক সিং বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে তিনি পাহাৰীয়া জিলা আৰু যোৰহাট ভ্রমণলৈ আহিছিল৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষক সিং পুৱাৰ ভাগত শিলচৰৰ কুম্ভীৰগ্রাম বিমানকোঠত উপস্থিত হয়৷ শিলচৰৰ পৰা কৰিমগঞ্জলৈ গৈ থকা অৱস্থাতে একাংশ কংগ্রেছ কর্মীয়ে সিঙৰ কনভয় ৰখাই কংগ্রেছ নেত্রী তথা প্রাক্তন সাংসদ সুস্মিতা দেৱ মুর্দাবাদ, প্রাক্তন মন্ত্রী অজিত সিং মুর্দাবাদ ধ্বনি দিয়ে৷
অৱশ্যে একে সময়তে কংগ্রেছ কর্মীসকলে পর্যবেক্ষক জিতেন্দ্র সিং জিন্দাবাদ ধ্বনিৰে পৰিৱেশ মুখৰ কৰি তোলে৷ সুস্মিতা দেৱ মুর্দাবাদ, অজিত সিং মুর্দাবাদ ধ্বনি দিয়াক কেন্দ্র কৰি এটা সময়ত পর্যবেক্ষক সিঙৰ সন্মুখতে কংগ্রেছ কর্মীসকলৰ মাজত প্রচণ্ড হতাহতিও হয়৷ মুর্দাবাদ ধ্বনি দিয়া কংগ্রেছ কর্মীসকলৰ অভিযোগ– প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বৰাকৰ ৰূপকাৰ মইনুল হক চৌধুৰীক সুস্মিতা দেৱ, অজিত সিং আদিয়ে সন্মান প্রদর্শন কৰা নাই৷ কেন্দ্রীয় নেতা জিতেন্দ্র সিঙক আদৰিবলৈ যুগুতোৱা বেনাৰ–পোষ্টাৰত মইনুল হক চৌধুৰীৰ ফটোও ঁৰা নাই৷ ইয়াৰ বাবে তেওঁলোকৰ ক্ষোভ৷ সেয়ে তেওঁলোকে সুস্মিতা দেৱ আৰু অজিত সিঙক মুর্দাবাদ ধ্বনি দি ক্ষোভ প্রকাশ কৰিছে৷ কিন্তু পর্যবেক্ষক সিঙক তেওঁলোকে আদৰণি জনাইছে আৰু তাৰ বাবেই তেওঁক জিন্দাবাদ ধ্বনি দিছে৷ কংগ্রেছ কর্মীসকলৰ তেনে আচৰণত যথেষ্ট ক্ষোভ প্রকাশ কৰি পর্যবেক্ষক সিঙে কয় যে মুর্দাবাদ সংস্কৃতি কোনো দলৰ বাবেই শুভ নহয়৷ মুর্দাবাদ ধ্বনি দিয়াটো ভাল কাম নহয়৷
আনহাতে, পর্যবেক্ষক সিং শিলচৰ বিমানকোঠৰ পৰা জিলা কংগ্রেছৰ নেতা–কর্মীসকলে বিশাল বাইক ৰেলী কৰি শিলচৰলৈ আদৰি আনে৷ এই আদৰি অনাৰ সময়তে মথুৰাপুৰ এলেকাৰ মহাচড়কত তেওঁৰ কনভয় ৰখাই একাংশ কংগ্রেছীয়ে সুস্মিতা দেৱ মুর্দাবাদ, অজিত সিং মুর্দাবাদ ধ্বনি দিয়ে৷ আনহাতে, আজি শিলচৰত উপস্থিত হৈ পর্যবেক্ষক সিঙে জিলা কংগ্রেছ, ব্লক কংগ্রেছৰ লগতে জিলা কংগ্রেছৰ প্রমুখ সংগঠনসমূহৰ মুৰব্বীৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ইয়াৰ পাছতে তেওঁ হাইলাকান্দিলৈ আহি অনুৰূপ ধৰণে দলীয় নেতা–কর্মীসকলক সাক্ষাৎ কৰি এখন কর্মীসভাত অংশগ্রহণ কৰে৷ উক্ত কর্মীসভাত কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, সাংসদ ৰাণী নৰহ, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, প্রাক্তন সাংসদ সুস্মিতা দেৱ আদি উপস্থিত থাকে৷ উল্লেখ্য যে এইবাৰ ৫ দিনীয়া ভ্রমণসূচী লৈ অহা পর্যবেক্ষক সিঙে উদৰবন্দ বিধানসভা সমষ্টিৰ চাহ শ্রমিক প্রতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷ ইয়াৰ পাছতে সোণাইত কংগ্রেছৰ নেতা–কর্মীৰ সৈতে আন এখন বৈঠকত মিলিত হ’ব৷ ৭ ডিচেম্বৰত তেওঁ পাহাৰীয়া জিলা হাফলং আৰু ৮ ডিচেম্বৰত পাহাৰীয়া জিলা কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙৰ দলীয় নেতা–কর্মীসকলৰ সৈতে বৈঠকত মিলিত হ’ব৷ ৯ ডিচেম্বৰত তেওঁ যোৰহাটত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম বিসর্জনৰ আন এক কার্যসূচীত অংশগ্রহণ কৰি সেইদিনাই নতুন দিল্লীলৈ উভতি যাব৷ ইপিনে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে মিত্রতাক কেন্দ্র কৰি কংগ্রেছে ল’ৰা–ধেমালি আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ মূলতঃ খোলাখুলিভাৱে এআইইউডিএফৰে মিত্রতা কৰিলে উজনি অসমত কংগ্রেছ ক্ষতিগ্রস্ত হোৱাৰ শংকাতে বিষয়টোক লৈ দলটোৱে ৰহস্যজনক স্থিতি গ্রহণ কৰিছে৷ যি সময়ত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে একেখন হেলিকপ্ঢাৰযোগে বিটিচিত যৌথ নির্বাচনী প্রচাৰ চলাই থকাৰ লগতে ৰিপুণ বৰাক কাষত লৈ আজমলে তেওঁলোকৰ মিত্রতা ২০২১ৰ বিধানসভা নির্বাচনতো থাকিব বুলি প্রকাশ কৰিছে, সেই সময়তে পর্যবেক্ষক জিতেন্দ্র সিং–প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ মুখত শুনা গৈছে বিপৰীত ভাষ্য৷ আজি জিতেন্দ্র সিঙে বৰাকত সংবাদ মাধ্যমৰ আগত কয় যে এআইইউডিএফৰে কংগ্রেছৰ মিত্রতা কেৱল বিটিচি নির্বাচনৰ বাবেহে হৈছে৷
স্থানীয় নির্বাচন হিচাপে স্থানীয়ভাৱে এই মিত্রতা হৈছে৷ কিন্তু বিধানসভা নির্বাচনক লৈ এআইইউডিএফৰে কোনো মিত্রতা হোৱা নাই৷ একেদৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰায়ো সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি এআইইউডিএফৰ লগত কংগ্রেছৰ বিধানসভা নির্বাচনক লৈ মিত্রতা হোৱা নাই৷ বর্তমান যি মিত্রতা হৈছে, সেয়া কেৱল বিটিচি নির্বাচনৰ বাবেহে৷ পিছে জিতেন্দ্র সিং–ৰিপুণ বৰাৰ সেই ভাষ্যৰ বিপৰীতে আজিও আজমলে কংগ্রেছৰ লগত হোৱা মিত্রতা অহা ২০২১ৰ বিধানসভা নির্বাচনতো থাকিব বুলি কয়৷ আজমলৰ স্পষ্ট কথা– বিটিচিত তেওঁলোকৰ যি মিত্রতা হৈছে, সেয়া অহা বিধানসভা নির্বাচনতো থাকিব৷ যোৱা ১৫ বছৰ ধৰি তেওঁ ইউপিএৰ লগত আছে৷ মিত্রতা সম্পর্কীয় সকলো কথা তেওঁ হাইকমাণ্ডৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰিব৷ অৱশ্যে তেওঁ মিত্রতা সম্পর্কত কংগ্রেছৰ স্থানীয় নেতৃত্বৰে কোনো আলোচনা কৰা নাই বুলি স্পষ্ট কৰি দি কয় যে তেওঁ মিত্রতাৰ বিষয়টো হাইকমাণ্ডৰ লগত আলোচনা কৰি চূড়ান্ত কৰিব৷