কংগ্রেছক অর্কেষ্ট্রা পার্টীৰে তুলনা মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্তশাসিত পৰিসদৰ নির্বাচনৰ বাবে ককালত টঙালি বান্ধিছে বিজেপি, কংগ্রেছ, অগপ, তিৱা জাতীয় ঐক্য মঞ্চ, আপ প্রমুখ্যে প্রায়কেইটা ৰাজনৈতিক দলে৷ কিন্তু প্রচাৰৰ ক্ষেত্রত সকলোতকৈ আগত আছে ভাৰতীয় জনতা পার্টী৷ মধ্য অসমত নির্বাচনী প্রচাৰত নেতৃত্ব লৈছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ আজি মৰিগাঁৱৰ তেতেলিয়া, ঢেঁকিফলাত অভিনেত্রী আইমী বৰুৱাই বিজেপি প্রার্থী খগেন বৰদলৈৰ হৈ প্রচাৰ চলায়৷ অভিনেত্রীগৰাকীৰে ৰাইজে ছেলফি উঠিবলৈ হেতা–ওপৰা লগোৱা পৰিলক্ষিত হয়৷ সাংসদ ভুবনেশ্বৰ কলিতাই প্রচাৰ অভিযানত ভাগ লয়৷ আনহাতে বিধায়িকা আঙুৰলতাই ভূৰবন্ধা, চলমাৰি, চহৰিত নির্বাচনী প্রচাৰত অংশগ্রহণ কৰে৷