কংগ্রেছে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকিছে
ৰকিবুলৰ ভেটি কঁপাই ৰণডংকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ হিন্দুৱে হওক বা মুছলমানেই হওক সমগ্র ৰাজ্যত চিৰানব্বৈ লাখ হিতাধিকাৰীক বিজেপি চৰকাৰে অনুদান আগবঢ়াইছে৷ চৈধ্য লাখ লোকলৈ ডেৰ লাখটকীয়া ঘৰ, অৰুণোদয় আঁচনিৰ জৰিয়তে বাইছ লাখ দুখীয়া মহিলাক বার্ষিক দহ হাজাৰ টকাৰ অনুদান, ষোল্ল লাখক বৃদ্ধ পেন্সন, প্রায় চাৰি লাখ দিব্যাংগ লোকক আর্থিক অনুদান, বাৰ লাখ ছাত্র–ছাত্রীক কলেজত নামভর্তিৰ বাবে পিতৃ–মাতৃৰ একাউণ্টত সাত হাজাৰ টকাকৈ ভৰাই দিছোঁ৷ কংগ্রেছ চৰকাৰে দুখীয়া লোকৰ তেজ শুহি খাইছিল৷ পাঁচশ টকাৰ আঁঠুৱা, কম্বল দিয়াৰ বিনিময়ত সাত হাজাৰ টকাৰ বিল দি চাৰে ছয় হাজাৰ টকাকৈ এজন হিতাধিকাৰীৰ পৰাই আত্মসাৎ কৰিছিল৷ এইবাৰ চামগুৰি সমষ্টিতে ৩০ৰ পৰা ৫০ হাজাৰ মানুহে বিজেপি চৰকাৰে আগবঢ়োৱা আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে৷’ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ৷ প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ দুর্গ চামগুৰিত বিজেপিৰ পৃষ্ঠাপ্রমুখ আৰু কার্যকৰী সন্মিলনত অংশগ্রহণ কৰি ৰাজ্যিক সভাপতি দাসে কয়, ‘কংগ্রেছে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকিছে৷ আজি বিজেপিৰ ৬০জন বিধায়কৰ সমষ্টিতে উন্নয়নৰ কাম হৈছে৷ চৰকাৰৰ নিজ দলৰ বিধায়ক থাকিলে সমষ্টিত উন্নয়ন বেছি হ’বই৷ আগতে কাঁহী–বাটি একেলগে আছিল৷ এতিয়া দিছপুৰত কাঁহীৰ বিপৰীতে চামগুৰিত বাটি আছে৷ কাঁহীৰ অবিহনে দাইল, চবজি, মাছ, মাংস জানো একেলগে খাব পাৰি? চামগুৰিত কেৱল দুর্নীতি, ভ্রষ্টাচাৰৰ সাম্রাজ্য গঢ়ি তুলিলে৷ এই দুর্নীতি, ভ্রষ্টাচাৰ আঁতৰাবলৈ চামগুৰিত বিজেপিক জিকাব লাগিব৷’
চামগুৰি সমষ্টিৰ কাৱৈমাৰী খেলপথাৰত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বিশাল সভাত অংশগ্রহণ কৰি ৰাজ্যিক সভাপতি দাসে লগতে কয়– স্বাধীনতাৰ পিছত কংগ্রেছে ৬খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বিপৰীতে বিজেপিয়ে মাত্র পাঁচ বছৰতে ১১খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কাম চলাই আছে৷ আমাৰ চৰকাৰৰ দিনত এইমছৰ দৰে উন্নতমানৰ চিকিৎসালয় নির্মাণৰ কাম চলি আছে৷ কংগ্রেছৰ দখলত থকা চামগুৰি, সৰুপথাৰ, মৰিয়নি, তিতাবৰ, শিৱসাগৰ, ডুমডুমা, গোলাঘাট আৰু নাজিৰা সমষ্টি এইবাৰ বিজেপিয়ে দখল কৰিব৷ কলিয়াবৰ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত পৃষ্ঠাপ্রমুখ আৰু কার্যকর্তাৰ সন্মিলনত ৰাজ্যিক সভাপতি দাসে চামগুৰি সমষ্টিৰ ২,২৬০জন পৃষ্ঠাপ্রমুখক নিযুক্তি পত্র বিতৰণৰ শুভাৰম্ভ কৰে৷ বিজেপিৰ সভাখন অনুষ্ঠিত পূর্বে উৰিয়াগাঁও বাইপাছৰ পৰা বিজেপিৰ নেতা–কর্মীসকলে এক বিশাল বাইক ৰেলীৰে ৰাজ্যিক সভাপতি দাসক আদৰি আনে৷ ইপিনে চামগুৰি তিনিআলিত বিজেপিৰ যুৱ নেতা প্রার্থপ্রতিম হাজৰিকাৰ নেতৃত্বত সুকীয়াকৈ সভাপতি ৰঞ্জিত দাসক আদৰণি জনোৱা পৰিলক্ষিত হয়৷ কেইবাসহস্র বিজেপিৰ কর্মী–সমর্থক উপস্থিত থকা সভাখনত নগাঁও জিলাৰ উপ–সভাপতি মুকুট কুমাৰ দেৱনাথ, সংখ্যালঘু মহিলা মর্চাৰ উপ–সভানেত্রী চালমা জেচমিন, কলিয়াবৰ জিলাৰ প্রভাৰী দেৱজিত বৰা, কলিয়াবৰ জিলাৰ উপ–সভাপতি জ্ঞানদীপ মহন্ত, মহিলা মর্চাৰ ৰাজ্যিক সম্পাদিকা পিংকী মির্ধা, ৰূপহীহাট সমষ্টিৰ প্রাক্তন বিধায়ক আব্দুল আজিজ, বিজেপিৰ বাজিয়াগাঁও মণ্ডলৰ সভাপতি প্রাণজিৎ বৰা, লাওখোৱা মণ্ডলৰ সভাপতি সুব্রত সিন্হাকে ধৰি বহুকেইজন বিজেপি নেতা উপস্থিত থাকে৷