নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত কংগ্ৰেছ তৃতীয় স্থানত থাকিব : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীত মিত্ৰজোঁটৰে প্ৰতিদ্বন্দ্বিতা হ’ব এআইইইউডিএফৰ। কালি ধুবুৰীত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আনকি ধুবুৰীত কংগ্ৰেছ তৃতীয় স্থানত থাকিব বুলিও দাবী কৰে তেওঁ। লগতে তেওঁ কয়-  মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু ইউপিপিএল তিনিটা দলে এজনক প্ৰাৰ্থী হিচাপে দিছে। গতিকে প্ৰাৰ্থিত্ব যিজনকে নিদিওক কিয়, মানুহে মোদী ডাঙৰীয়াক বুলি ভোট দিব। নিশ্চিত ৰূপত আমি আগন্তুক দিনত জয়লাভ কৰিম আৰু তৃতীয় স্থানত থাকিব কংগ্ৰেছ দল। উল্লেখ্য যে কালি ধুবুৰী জিলাত আয়োজিত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ লয় মন্ত্ৰী দাসে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like