নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাৰপোটাত ‘থিয়নাম আৰু দিহানাম’ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : গোৱালপাৰা জিলাৰ শিমলীতোলা অঞ্চলৰ কামাৰপোটা নিৱাসী লোকশিল্পী কৰ্মেশ্বৰ কলিতাৰ দ্বাৰা প্ৰণীত ‘থিয়নাম আৰু দিহানাম’ শীৰ্ষক গ্ৰন্থখনি কালি উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাসে । কৰ্মেশ্বৰ কলিতাৰ নিজগৃহত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোৱালপাৰা জিলা শাখা মূলৰ সদস্য প্ৰদীপ নেওগে । সভাখনত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষক তথা ভাগবত ভাষ্যকাৰ আৰু পাঠক জগত মেধি, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অন্নপূৰ্ণা হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক জয়চন্দ্ৰ কলিতাকে ধৰি শতাধিক ভকত-বান্ধৱ আৰু আই-মাতৃ। গ্ৰন্থখনত মুঠ ৫৫টাকৈ থিয়নাম আৰু ১০টা দিহানাম সন্নিৱিষ্ট হৈছে। থিয়নাম আৰু দিহানামৰ শিল্পীসকলক গ্ৰন্থখনে বিশেষভাৱে সহায় কৰিব বুলি উন্মোচক জিতুমণি দাসে নিজ ভাষণত কয় । উল্লেখ্য যে কৰ্মেশ্বৰ কলিতাই ২২ বছৰ বয়সৰ পৰাই বিভিন্ন থিয়নামৰ দলক প্ৰশিক্ষণ দি আহিছে । স্মৰ্তব্য যে  তেওঁ স্থানীয় অঞ্চলত থিয়নামৰ ওস্তাদ হিচাপেও পৰিচিত |  তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত থিয়নামৰ প্ৰশিক্ষক হিচাপে অসমৰ বিভিন্ন জিলাত থিয়নামৰ প্ৰশিক্ষণ দি আহিছে ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like