ৰাজনৈতিক চৰিত্ৰ নাই কংগ্ৰেছ-ইউডিএফৰ : মন্ত্ৰী পীয়ূষ হাজৰীকা
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : “নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব৷ এয়া দিনৰ পোহৰৰ দৰে সত্য৷” আজি তেজপুৰত এই দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ৷ তেওঁ আজি এক দলীয় কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে তেজপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক লোকসভা নিৰ্বাচনলৈ এতিয়াও বছৰজোৰা সময় হাতত আছে৷ সেইবুলি হাত বহি নাথাকে বিজেপি দল৷ নিৰ্বাচনৰ বাবেই বিজেপিয়ে দলীয় কাম নকৰে৷ সকলো সময়তে সাংগঠনিক ক্ষেত্ৰত বিজেপি দল সক্ৰিয় হৈ থাকে৷ দলৰ সাংগঠিনক কাম অব্যাহত থাকিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীজনে লগতে আজিৰ সভাৰ বিষয়ে উল্লেখ কৰি কয় যে যাৰ বাবে বুথ পৰ্যায়ত অধিক গুৰুত্ব দিছে বিজেপিয়ে৷ উল্লেখযোগ্য যে শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ক্ষেত্ৰত দায়িত্ব পৰিছে তেজপুৰ সমষ্টিত৷ সেয়ে আজি তেজপুৰত দলৰ বুথ পৰ্যায়ৰ বিষয়-ববীয়াৰে মিলিত হৈ মন্ত্ৰী হাজৰিকাই বুথ শক্তিশালী কৰাৰ ক্ষেত্ৰত দলে গুৰুত্ব আৰোপ কৰাৰ কথা দোহাৰে৷ তেওঁ কয় যে একোটা বুথত বিজেপিৰ ২০-৩০জনকৈ কাৰ্যকৰ্তা আছে আৰু যিবোৰত নাই সেয়া শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব৷তেওঁ কয় যে,আজি সকলোকে মাতি আনি আলোচনা কৰা হৈছে য’দিও ইয়াৰ পাছত বুথ সভাপতি সকলৰ ঘৰে ঘৰে যোৱা হ’ব৷ৰাইজৰ আগত বিজেপিৰ কাম কাজৰ খতিয়ান দাঙি ধৰা হ’ব বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে তেজপুৰত য’দিও বিজেপিৰ সহযোগী দল অগপৰ বিধায়ক আছে তথাপিও তেজপুৰত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী আৰু সেয়া অধিক মজবুত কৰা হ’ব৷আনহাতে মূল্যবৃদ্ধি তথা সম্ভাব্য বিদ্যুৎ বিল বৃদ্ধি প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় “কেৱল জনতাৰে নহয়, মূল্যবৃদ্ধি হ’লে কি পৰিৱেশৰ সূচনা হয় সেয়া মই উপলব্ধি কৰোঁ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন চৰকাৰখন এই ক্ষেত্ৰত যথেষ্ট সচেতন৷” ইফালে, কংগ্ৰেছ-এ আই ইউ ডি এফক পুণৰ সমালোচনা কৰি হাজৰিকাই কয়, “তেওঁলোকৰ কোনো স্বভাৱ-চৰিত্ৰ নাই৷ এ আই ইউ ডি এফ আৰু কংগ্ৰেছ ৰাজনৈতিকভাৱে চৰিত্ৰহীন৷ এই দুটা দলৰ পৰা অসমৰ ৰাইজে একো পাবলগীয়া নাই৷ বৰঞ্চ হেৰুৱাব লগীয়াহে আছে৷” আনহাতে, সমষ্টি পুণৰনিৰ্ধাৰণ এক নিয়মমাফিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰি তেওঁ এই প্ৰক্ৰিয়া কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৭-০৮ তে কৰিব লাগিছিল যদিও এটা বিশেষ সম্প্ৰদায়ক সহায় কৰিবলৈ গৈ নকৰিলে বুলি মন্তব্য কৰে৷ সমষ্টি পুণনিৰ্ধাৰণ বিষয়টোক লৈ শেহতেয়াকৈ ঠাই বিশেষে হোৱা আন্দোলন প্ৰসংগত মন্ত্ৰীজনে আৰু কয় যে এতিয়া আন্দোলন নাইকিয়া হৈছে৷ অসমৰ ৰাইজে বুজি উঠিছে৷ ইপিনে, কংগ্ৰেছৰ “ভাৰত জোৰো” প্ৰসংগত মন্ত্ৰী হাজৰিকাই কটাক্ষ কৰি কয় যে ৰাহুল গান্ধীয়ে ১০ হেজাৰ মানুহক লৈ খোজকাঢ়িছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি খোজকাঢ়িবলৈ লয় তেন্তে এই সংখ্যা এক লাখলৈ বৃদ্ধি পাব৷ গতিকে ৰাহুল গান্ধীয়ে ফেৰ মাৰিব নোৱাৰে৷
প্ৰেৰক হিমাংশু শইকীয়া