নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ :মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। আজি মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যুটীয়া অভিযানত গোপন সূত্ৰৰ পমখেদি বগলীপাৰাৰ পৰা গ্ৰেপ্তাৰ হয় বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী ।গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটো ঔতলাবৰী গাঁৱৰ নজৰুল ইছলাম (৩২)। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা সন্দেহ যুক্ত ড্ৰাগছ ভৰ্তি ৪৯ টা কন্টেইনাৰ ,ড্ৰাগছ ভৰ্তি পলিথিন আৰু এটা মোবাইল জব্দ কৰে আৰক্ষীয়ে। সম্প্রতি ধৃতলোকজনক আৰক্ষীয়ে সোধাপোচা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ৭১.৩০ গ্ৰাম। ধৃত সৰবৰাহকাৰীটো দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যৱসায়ত জৰিত আছিল । অৱশেষত আৰক্ষীয়ে আজি বগলীপাৰাত অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটোক।

প্ৰেৰক আবুল কালাম

You might also like