নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান কলেজত তৰ্ক প্ৰতিযোগিতা : শ্ৰেষ্ঠ দল গুৱাহাটী বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ দুলীয়াজান মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি অনুষ্ঠিত ঊনবিংশতিতম বাৰ্ষিক শ্বহীদ সোঁ‌ৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তথা বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ শুভাশীষ দে, ক্ৰমে দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুঞ্জন ৰাজবংশী আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ববী বড়াই । আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰদ্বয় ক্ৰমে- গুঞ্জন ৰাজবংশী আৰু অনল অংকুশ বড়াই। অসমৰ কেইবাখনো গৰিমামণ্ডিত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দলে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাখনিৰ বিষয়বস্তু আছিল- “সদনৰ মতে, সামাজিক মাধ্যমৰ ওপৰত বিধিৱদ্ধ প্ৰশাসনিক নিয়ন্ত্ৰণে সামাজিক অস্থিৰতা হ্ৰাস কৰিব।” আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  সফলভাবে অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে ১৯৮০ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ অংশবিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাণ আহুতি দিয়া চাৰিগৰাকী জাতীয় শ্বহীদ ক্ৰমে কুমুদ গগৈ, নৃপেন বড়া, নগেন ডেকা আৰু অজিত নেওগৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈ প্ৰমুখ্যে কেইবাগৰাকী জ্যেষ্ঠ অধ্যাপক-অধ্যাপিকাৰ লগতে দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাৰ নেতৃত্বই । তাৰপিছতেই অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনিত সদনৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অচ্যুত বৰঠাকুৰে। আনহাতে বিচাৰকৰ দায়িত্ব পালন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাধ্যাপক ড° সুৰজিৎ বৰকটকী, ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ড° নাচমিন ফাৰহিন আখতাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্কৰক্ষী বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত বৰমুদৈয়ে। পৰৱৰ্তী কাৰ্যসূচীত বঁ‌টা বিতৰণী অনুষ্ঠানৰ মুকলি সভাখন আঁ‌ত ধৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ গগৈয়ে। আজিৰ শ্বহীদ সোঁ‌ৱৰণী তৰ্ক প্ৰতিযোগিতাৰ এই অনুষ্ঠানটোত সদৌ অসম ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অনিল গগৈ, প্ৰাক্তন ছাত্ৰ নেতা যদুমণি দত্ত, দীপাংকৰ গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰদীপ গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি কনক গগৈ, কাৰ্যনিৰ্বাহক বুবুল তালুকদাৰ, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰাকে আদি কৰি বহু ছাত্ৰ কৰ্মী উপস্থিত থাকে। প্ৰতিযোগিতাৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোক বিকাশ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত সুস্হ তৰ্কবাদৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। আনহাতে ছাত্ৰ একতা সভাৰ মুখ্য তত্ত্বাৱধায়ক মৃন্ময় কুমাৰ বৰুৱাই ছাত্ৰ একতা সভা তথা দুলীয়াজান আঞ্চলিক ছাত্ৰসন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like