নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভাক্সিন লোৱা মহিলাক দ্বিতীয় পালি দিলে ক’ভিশ্বিল্ড

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ ক’ভিড ভেকচিন প্রদানক কেন্দ্র কৰি ৰাজ্যত বিভিন্ন প্রান্তত বিসংগতি সৃষ্টি হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ আনকি ভেকচিন প্রদানৰ দায়িত্বত থকা একাংশ চিকিৎসা কর্মীয়ে চূডান্ত গাফিলতিৰে প্রথম পালি ভেকচিন কভাক্সিন দিয়াৰ পাছত দ্বিতীয় পালি ক’ভিশ্বিল্ড প্রদান কৰি মানুহৰ জীৱনক লৈও হেতালি খেলিছে৷

উল্লেখ্য যে ৰে’লনগৰী লামডিঙৰ সুনন্দা ঘোষ নামৰ মহিলাগৰাকীয়ে তেওঁক ক’ভিড ভেকচিন প্রদান কৰাৰ ক্ষেত্রত এটা চক্রই ব্যাপক বিসংগতি কৰাৰ প্রসংগত হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, ক’ভিড ভেকচিনৰ তদাৰকৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে৷ অভিযোগ পত্রত উল্লেখ থকা মতে, লামডিঙৰ কালিবাৰী কলনীৰ সুনন্দা ঘোষে ১৯ মে’ত ক’ভিড ভেকচিনৰ প্রথম পালি ঔষধ গ্রহণ কৰিছিল৷ সেই অনুযায়ী তেওঁক চিকিৎসালয় কর্তৃপক্ষই কভাক্সিন নামৰ ক’ভিড ভেকচিন প্রদান কৰিছিল৷ মহিলাগৰাকীয়ে দ্বিতীয় পালি ঔষধ গ্রহণৰ দিন আছিল ১৬ জুনৰ পৰা ৩০ জুনৰ ভিতৰত৷ ইয়াৰ মাজতে মহিলাগৰাকী ক’ভিড আক্রান্ত হয়৷ নিয়মানুযায়ী ক’ভিড আক্রান্ত লোকে সুস্থ হোৱাৰ ৩ মাহৰ পাছতহে ক’ভিড ভেকচিন ল’ব পাৰে৷ মহিলাগৰাকীয়ে এই বিষয়ে সোধাত হোজাই সমূহীয়া ভৱনত ক’ভিড ভেকচিন প্রদান কৰি থকা সংশ্লিষ্ট কর্তৃপক্ষই ৬০ দিনৰ ভিতৰতে ক’ভিড ভেকচিন ল’ব পাৰিব বুলি মহিলাগৰাকীক কয়৷

সেয়ে মহিলাগৰাকীয়ে হোজাই সমূহীয়া ভৱনতে ৪ ছেপ্টেম্বৰত ক’ভিড ভেকচিনৰ দ্বিতীয় পালি গ্রহণ কৰে৷ কিন্তু আশ্চর্যকৰ কথা যে ভেকচিন প্রদান কৰা সংশ্লিষ্ট কর্তৃপক্ষই মহিলাগৰাকীক ভেকচিন প্রদান কৰে৷ ভেকচিন গ্রহণৰ পাছত মহিলাগৰাকীয়ে ইণ্টাৰনেটত তেওঁৰ ভেকচিন গ্রহণৰ প্রমাণ–পত্র ডাউনলোড কৰিব বিচাৰে যদিও অসমর্থ হয়৷ অর্থাৎ মহিলাগৰাকীয়ে দ্বিতীয় পালি ভেকচিন নোলোৱা বুলিহে ইণ্টাৰনেটত উপলব্ধ আছে৷ তেতিয়া মহিলাগৰাকীয়ে ক’ভিড ভেকচিন প্রদান কেন্দ্রৰ নডেল বিষয়া জনৈক দাসক অৱগত কৰে৷

জনৈক দাসে মহিলাগৰাকীক এখন প্রমাণপত্র যোগাৰ কৰি দিয়ে৷ আশ্চর্যকৰ কথা যে প্রমাণপত্রখনত মহিলাগৰাকীৰ পূর্বৰ পালি ভেকচিনৰ লগত দ্বিতীয় পালি ভেকচিনৰ কোনো সংগতি নাই৷ পূর্বৰ পালি ভেকচিনত মহিলাগৰাকীয়ে ক’ভাক্সিন লোৱাৰ বিপৰীতে দ্বিতীয় পালি ভেকচিনত কভিশ্বিল্ড বুলি উল্লেখ আছে৷ এই বিষয়ে মহিলাগৰাকীয়ে ভেকচিন প্রদানৰ দায়িত্বত থকা কর্তৃপক্ষক সোধাত তেওঁলোকে বিষয়টো এৰাই চলিব বিচাৰে৷ মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, এনেদৰে দুটা পৃথক ভেকচিন প্রদান কৰাৰ ফলত মহিলাগৰাকী যদি স্বাস্থ্যজনিত জটিলতাত ভোগে তেন্তে ইয়াৰ দায়িত্ব কোনে ল’ব৷ তদুপৰি মহিলাগৰাকীৰ প্রথম পালি ভেকচিনৰ আই ডি নম্বৰ উল্লেখ নকৰাকৈ দ্বিতীয় পালি ভেকচিনৰ প্রমাণপত্র তেওঁক কেনেকৈ প্রদান কৰিলে ইও আশ্চর্যকৰ৷ মহিলাগৰাকীয়ে বিষয়টোৰ উচিত তদন্ত দাবী জনায়৷

You might also like