নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ ঘাটত ইন্দ্ৰেশ্বৰ বৰাৰ বেগ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ বিশ্বনাথৰ ছোৱাগুৰীত উদ্ধাৰ হৈছে এটা বেগ । ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলিৰ তৎপৰতাত ব্ৰহ্মপুত্ৰ বুকুৰ পৰা এটা নথি পত্ৰ ভৰ্তি এটা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আজি পুৱা ভাগত ব্যক্তি দুজনে বেগটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত প্ৰত্যক্ষ কৰাত উদ্ধাৰ কৰে বেগটো আৰু তাৰ পিছত স্থানীয় নদী আৰক্ষী বাহিনীৰ লগতে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে। তথ্য অনুসৰি বেগটো মাজুলীত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ লগত সন্দেহ প্ৰকাশ কৰিছে   আৰক্ষীয়ে ।

উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে ভোটাৰ কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ড সহ বহু কাপোৰ আৰু অন্যান্য সামগ্ৰী । উদ্ধাৰ হোৱা তথ্য অনুসৰি মহিলা গৰাকীৰ নাম লক্ষীমপুৰৰ কাণ্ডুৰা পথাৰৰ ৰূপৰেখা বৰা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

 

You might also like