নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডক পৰাভূত কৰি ঘৰলৈ ধুবুৰীৰ ৮৫ বছৰীয়া মনোৱাৰা খানম

নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃক’ভিডক পৰাভূত কৰি চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ যোৱাৰ অনুমতি লাভ কৰিলে ধুবুৰীৰ এগৰাকী পঁচাশী বছৰীয়া বৃদ্ধাই৷ চহৰখনৰ ৯নং ৱার্ডৰ বাসিন্দা তথা প্রয়াত আব্দুছ ছাত্তাৰৰ পত্নী মনোৱাৰা খানম নামৰ এই বৃদ্ধাগৰাকীৰ দেহত ১২ আগষ্টত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বুলি পোহৰলৈ আহিছিল৷ তেওঁক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত ভর্তি কৰোৱা হৈছিল৷

বিগত ১৭ বছৰে দেহত পেচমেকাৰ থকা খানম ক’ভিডত আক্রান্ত হোৱাৰ ঘটনাই চিন্তাত পেলাইছিল তেওঁৰ পৰিয়ালৰ সদস্যসকলক৷ কিন্তু সকলোৰে দুশ্চিন্তাৰ অৱসান ঘটাই আজি সম্পূর্ণ আৰোগ্য লভা মনোৱাৰা খানমক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিজ গৃহলৈ যাবলৈ দিয়া হয়৷ ইতিমধ্যে মাতৃসহ ধুবুৰী অভিমুখে যাত্রা কৰা বুলি সদৰী কৰিছে বৃদ্ধাগৰাকীৰ পুত্র তথা ধুবুৰীৰ এগৰাকী প্রতিষ্ঠিত অধিবক্তা মাছুদ জামানে৷

You might also like