নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে ড০ শর্মাই

পিপিই কিট পিন্ধি জিএমচিএইচত স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  ক’ভিড–১৯ত আক্রান্ত হৈ সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পেয়িং কেবিনত চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পিপিই কিট পৰিধান কৰি মন্ত্রী ড০ শর্মাই দেওবাৰে গগৈৰ কেবিনত উপস্থিত হৈ প্রায় ১০–১৫ মিনিট সময় বার্তালাপ কৰি প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷ পিছত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে গগৈৰ স্বাস্থ্য বর্তমান যথেষ্ট ভাল৷ ক’ভিডত আক্রান্ত গগৈয়ে আজি ষষ্ঠ দিনত ভৰি দিছে৷ তেওঁৰ সকলো ঠিকে আছে৷ অক্সিজেন লেভেলো ৯৬–৯৭ৰ মাজত আছে৷ ১০–১৫ মিনিট সময় গগৈৰ সৈতে অতিবাহিত কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজনীতি এফালে থাকে আৰু ব্যক্তিগত সম্বন্ধ সম্বন্ধ হৈয়েই থাকে৷ মন্ত্রী ড০ শর্মাই দেওবাৰে দিনটোতে গগৈৰ উপৰি ক’ভিডত আক্রান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা বিধায়ক বি বি হাগজেৰ, ভাস্কৰ শর্মা, অজন্তা নেওগ, গণেশ লিম্বু, ৰমেন্দ্র নাৰায়ণ কলিতা, বিজেপি নেতা ৰাজীৱ শর্মা, মৃগেন শৰণীয়া, কামৰূপ মেট্র’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰো স্বাস্থ্যৰ বুজ লয়৷ ইপিনে, ক’ভিডত আক্রান্ত ৭জন লোকৰ আজি মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি গোলাঘাটৰ বিদ্যাদীপ ভূঞা (৪৮), কিৰণ বৰা (৫০), কামৰূপ মেট্র’ৰ নীপজ্যোতি বৰুৱা (৪৮), ছোহৰাবউদ্দিন আহমেদ (৭০), চিৰাঙৰ ৰমীলা সূত্রধৰ (৪৫), শচীন চন্দ্র ব্রহ্ম (৫৮) আৰু কাছাৰৰ ভাস্কৰ বিজয় গুপ্তা (৫০) ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷

You might also like