নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত আজি ৭৮গৰাকী ক’ভিডত আক্ৰান্ত, সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ গোলাঘাট জিলাত আজি নতুনকৈ ৭৮জন লোকৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি পাইছে । ইয়াৰে ২০৭জন ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৬২জন লোক গোলাঘাট ক’ভিড চিকিৎসালয়, ৩জন যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল, এজন বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় আৰু দুজন গুৱাহাটীত চিকিৎসাধীন হৈ আছে।

আজি ২,০৯৬জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট আৰু ১৪৩জনৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় । ৰেপিড টেষ্টত ৬৫জন আৰু আৰ টি পি চি আৰত ১৩জন লোকৰ দেহত সংক্ৰমণ ধৰা পৰে। উল্লেখ্য যে গোলাঘাট জিলাত পহিলা এপ্ৰিলৰ পৰা আজিলৈকে ২৮,১৬৮ টা ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে।

এই সময়ছোৱাত জিলাখনত ৩৩৫ জন লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । অৱশ্যে বৰ্তমান ইয়াৰে ২৭৪ জনহে সক্ৰিয় ক’ভিড ৰোগী । জিলাখনত এই সময়ছোৱাত দুজন লোকৰ ক’ভিডত মৃত্যু হৈছে । আজি চিনাক্ত হোৱাসকলৰ ভিতৰত কে বি আলিত ৭জন, বোকাখাতত ১১জন, সৰুপথাৰত ৩৫জন, শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ১৮জন, মিছামৰাত ৩জন আৰু চাৰিঙিয়াত চাৰিজন ৰোগী চিনাক্ত কৰা হয়।

আজি ঘৰতে আছুতীয়াকৈ থকা ছজন লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ৩জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয়। গোলাঘাট জিলাত ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত ৰাখিছে।

আনহাতে গোলাঘাট জাতীয় বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে তীব্ৰ আতংকই বিৰাজ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত। যোৱা ২১ এপ্ৰিলত উক্ত ছাত্ৰজন বিদ্যালয়লৈ গৈছিল আৰু ২২ এপ্ৰিলত অসুস্থ হৈ পৰে।

পৰিয়ালৰ লোকে লগে লগে চিকিৎসালয়ত ভৰ্তি কৰায় আৰু ক’ভিড পৰীক্ষাত পজিটিভ বুলি চিনাক্ত হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত আতংকৰ সৃষ্টি হয়।

You might also like