নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিগেটিভ বুলি ৰিলিজ দিয়া চিচিবৰগাঁৱৰ যুৱকৰ দেহত ওলাল ক’ৰোনা পজিটিভ; অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ’না মহামাৰীয়ে ৰাজ্যত কালৰূপ ধাৰণ কৰাৰ সময়তে নিগেটিভ বুলি ৰিলিজ দিয়াৰ ১৬ ঘণ্টাৰ পিছতে চিচিবৰগাঁৱৰ যুৱকৰ দেহত ক’ভিড- ১৯ ৰ অৱস্থিতি ধৰা পৰা বুলি জনাৰ পিছতে এতিয়া সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

প্ৰাপ্ত বিৱৰণী অনুসৰি, যোৱা ২৬ জুনত হায়দৰাবাদৰ পৰা আহি ধেমাজিৰ তেলিজানস্থিত আন্তঃজিলা বাছ আস্থানত কুৱাৰেণ্টাইন হৈ থকা চিচিবৰগাঁৱৰ চকামৰা কৈৱৰ্ত গাঁৱৰ গোলাপ দাসৰ জ্যেষ্ঠ পুত্ৰ প্ৰিয়নাথ দাস(২৫) ক যোৱা ২৭ জুন আৰু ২ জুলাইত স্বাৱ পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে নমুনা সংগ্ৰহ কৰে। প্ৰথম ৰিজাল্টত নিগেটিভ অহা প্ৰিয়নাথৰ কালি দিনৰ ৪ বজাত ট্ৰেভেলাৰযোগে ঘৰলৈ প্ৰেৰণ কৰে আৰু পত্ৰত নিগেটিভ বুলি উল্লেখ কৰি ৭ দিনৰ বাবে হ’ম কুৱাৰেণ্টাইন হৈ থাকিবলৈ তেলিজানস্থিত কেন্দ্ৰৰ ন’ডেল বিষয়াৰ স্বাক্ষৰসম্বলিত এখন ৰিলিজ পত্ৰ প্ৰদান কৰে। পিছে আশ্চৰ্যজনকভাৱে আজি ২ জুলাইৰ স্বাৱৰ ফলাফলত প্ৰিয়নাথৰ ক’ভিড- ১৯ পজিটিভ অহাত চকামৰা কৈৱৰ্ত্ত গাঁৱৰ ঘন বসতি এলেকাৰ ৰাইজৰ মাজত হৈ- চৈৰ সৃষ্টি হৈছে।

ইয়াৰ পিছতে আজি দিনৰ প্ৰায় ৮ বজাত এখন এম্বুলেঞ্চেৰে প্ৰিয়নাথক বাসগৃহৰ পৰা পজিটিভ বুলি কৈ চিলাপথাৰ ক’ভিড চিকিৎসালয়লৈ লৈ যায়। প্ৰিয়নাথে সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি, এখন ট্ৰেভেলাৰযোগে মৰিঢল আৰু বগীবিলৰ দুজনকৈ সৰ্বমুঠ ৪ জন যুৱকৰ সৈতে কুৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ প্ৰেৰণ কৰিছিল। ইফালে দ্বিতীয় স্বাৱ পৰীক্ষাৰ ফলাফললৈ অপেক্ষা নকৰি কি কাৰণত প্ৰিয়নাথক কালি ৰিলিজ দিয়া হ’ল তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধেমাজি আছুৰ সহ সম্পাদক প্ৰফুল্ল হাজৰিকা আৰু ছাত্ৰ মুক্তিৰ চিচিবৰগাঁৱৰ সভাপতি মিণ্টু ভূঞাই। লগতে বিষয়টিৰ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৃষ্টি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে। সমগ্ৰ ঘটনাটোলৈ লক্ষ্য ৰাখি সচেতন মহলে স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবেই চিচিবৰগাঁৱত কৰ’নাৰ ভয়ানক গণ সংক্ৰমণৰ আশংকা ব্যক্ত কৰাৰ বিপৰীতে স্বাস্থ্য বিভাগক ভৎৰ্সনা জনায়।

You might also like