চিৰাঙৰ ৪ আৰোগ্য লাভ কৰা ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি
নিয়মীয়া বাৰ্তা, ১৫ জুন: চিৰাং জিলা প্ৰশাসনে আজি দ্বিতীয় দিনা ৪ জন ব্যক্তিক কোভিড-১৯ ৰোগৰ পৰা আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়ে।
আজি বিয়লি প্ৰায় ৫:৩০ বজাত চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে আৰোগ্য লাভ কৰা ব্যক্তি ৪ জনক আনুষ্ঠানিক ভাৱে জেএছবি অসামৰিক চিকিৎসালয়ৰ পৰা বিদায় দিয়ে।
আৰোগ্য লাভ কৰাৰ পাছত ঘৰলৈ ঘূৰি যোৱা ব্যক্তি সকল হ’ল- বিজনী মহকুমাৰ পানবাৰী থানাৰ অন্তৰ্গত বৌপাৰা,আলুখুন্দাৰ নবীৰ ইছলাম (২৬), বল্লামগুৰিৰ জয়ন্ত ৰায়(৩৩), সদৰ মহকুমাৰ অন্তৰ্গত ২নং বেংতলৰ জিৎ মণ্ডল (২৩) আৰু ঢালিগাঁও থানাৰ অন্তৰ্গত খাগ্ৰাবাৰিৰ কৃষ্ণ বসুমতাৰী(৩৬)। আটাইকে নিজৰ নিজৰ বাসগৃহত পৰৱৰ্তী ১৪ দিন গৃহ আবদ্ধ হৈ থকাৰ বাবে জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে ।।