আমচৈত ২ জনৰ দেহত ক’ৰোনা
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ মহাৰাষ্ট্ৰৰ কর্মথলীৰ পৰা অসমলৈ ৰে’লযোগে উভতি অহা আমচৈ অঞ্চলৰ সৰু আমলিৰ বিস্ময় ইংলেং আৰু মোহন টেৰণ নামৰ দুজন যুৱক ৰহাৰ কোৱাৰেণ্টাইন থকাৰ পিছত আজি এই দুজন যুৱকৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱা বুলি জানিব পৰা গৈছে।
যুৱক দুজনক আজি ১৩ জুনত চিকিৎসাৰ বাবে ৰহা কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা নগাঁৱলৈ লৈ যোৱা হয় বুলি আমচৈ গাঁও পঞ্চায়ত কর্মী বাহিনীৰ এগৰাকী সদস্যই জনাইছে।