চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা টকা লোৱা কলিয়াবৰ থানাৰ গৃহৰক্ষী বাহিনীৰ জোৱানক চামগুৰিত আটক
নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ পৰা ধন লোৱাৰ অভিযোগত নগাঁও জিলাৰ চামগুৰি থানাৰ আৰক্ষীয়ে কালি কলিয়াবৰ আৰক্ষী থানাৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱানক নগদ ধন সহ আটক কৰাৰ পাছতেই চোৰাং গৰু সৰবৰাহ চিণ্ডিকেটৰ লগত আৰক্ষীৰ লোক জড়িত থকাৰ কথা পোহৰলৈ আহিছে। জানিব পৰা মতে,কলিয়াবৰ আৰক্ষী থানাৰ গাড়ী চালক মকবুল হুছেইন নামৰ গৃহৰক্ষী বাহিনীৰ জোৱান জনে চোৰাং গৰু সৰবৰাহ কাৰীৰ পৰা বুজন পৰিমাণৰ ধন লৈছিল। চোৰাং গৰু সৰবৰাহকাৰীৰ চক্ৰৰ চামছুল নামৰ অসাধু ব্যৱসায়ী জনৰ পৰা প্ৰায় এক লাখ টকা লৈছিল বুলি অভিযোগ উঠিছে। অৱশ্যে চামগুৰি আৰক্ষীয়ে ধৃত মকবুলৰ হাতৰ পৰা নগদ ৬৫ হাজাৰ টকা ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মকবুল হুছেইনক আটক কৰে যদিও চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ লগত জৰিত সোনাৰিবালিৰ চামছুল নামৰ লোক জন পলাই যাবলৈ সক্ষম হয় ৷ এই ক্ষেত্ৰত চামগুৰি আৰক্ষীয়ে পলাতক অৱস্থাত থকা চামছুলক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে যোৱা পহিলা অক্টোবৰ তাৰিখে কলিয়াবৰ আৰক্ষী থানাৰ অধীনৰ মিছা আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ পৰৱৰ্তী সময়ত মিছা আৰক্ষী চকীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত উজনিৰ দিশৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থকা এএছ ০ ১বি চি ৪৪৪২ নৈশ যাত্ৰীবাহি বাছ খনৰ পৰা আৰক্ষীয়ে ৩৪ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ যদিও গাড়ী খনৰ চালক আৰু পৰিচালকে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি নৈশবাছ খনত চোৰাং গৰু সৰবৰাহ কৰাৰ অভিযোগত উক্ত বাছখনৰ মালিক চামগুৰিৰ আখতাৰা বেগম নামৰ মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰিছিল ৷ কলিয়াবৰ আৰক্ষীয়ে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীৰ সহ যোগত আটক কৰা উক্ত মহিলা গৰাকী ৮ মাহীয়া অন্ত সত্ত্বা হোৱাৰ বাবে পৰৱৰ্তী সময়ত মুকলি কৰি দিছিল বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মোটা ধনৰ বিনিময়ত বিষয়টো গাপ দিয়াৰ কথা পোহৰলৈ অহাত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত পুনৰ কলিয়াবৰৰ এজন আৰক্ষী বিষয়া আৰু চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ৷ উক্ত গাড়ী খন আৰু মহিলা গৰাকীৰ লগতে গৰু ছিণ্ডিকেটৰ লগত জড়িত সৰবৰাহকাৰীক সহায় কৰাৰ বিনিময়ত চামগুৰিৰ সোনাৰিবালি অঞ্চলৰ চামছুল নামৰ লোক জনৰ পৰা ৬৫ হাজাৰ টকা লোৱা কলিয়াবৰ আৰক্ষী থানাৰ গাড়ী চালক মকবুল হুছেইন নামৰ গৃহৰক্ষী জোৱান জনক চামগুৰি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে উক্ত ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে এজন সহকাৰী আৰক্ষী অধীক্ষকক উক্ত ঘটনা তদন্ত কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত এক নিৰপেক্ষ তদন্ত হ’লে চোৰাং গৰু ছিণ্ডিকেটৰ লগত জড়িত সৰবৰাহকাৰীক সহায় কৰি অহা আৰক্ষী বিষয়া বা উচ্চ আৰক্ষী বিষয়া জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ৷
প্ৰেৰক প্ৰমোদ শৰ্মা