নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত পানীৰ টেপত বান্ধিছে গৰু, খেৰৰ পুঁজিতো আঁচনিৰ পাইপ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : জলজীৱন আঁচনিৰ পাইপ হ’লগৈ ধানখেৰৰ পুঁজিৰ খুটা, গাড়ী থোৱা ঘৰত কাঠ-বাঁহৰ সলনি জলজীৱনৰ পাইপ, আনকি গৰুও বান্ধিছে পানীৰ টেপত। চৰকাৰে যুগুতাইছিল অভিলাসী আঁচনি-“হৰ ঘৰ নল ,হৰ ঘৰ জল”। পিছে একাংশ গ্ৰামাঞ্চলত আঁচনি আজি যেন হ’লগৈ সমূলি বিফল! বছৰ-বছৰ পাৰ হ’ল টেপেৰে নোলাল এটুপিও পানী, পদূলিয়ে পদূলিয়ে টেপবোৰ পৰিত্যক্ত হৈ আছে দৃষ্টিকটু হৈ। কামৰূপৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত আঁচনিৰ পাইপ ব্যৱহাৰ হৈছে ধানখেৰৰ পুঁজি সজা কামত, কোনোৱে আকৌ পানীৰ টেপত বান্ধিছে গৰু-ছাগলী, চৰকাৰী আঁচনিৰ দেখ-দেখ অপচয়, আনকি একাংশই আঁচনিৰ পাইপ ব্যৱহাৰ কৰিছে গাড়ী থোৱা চালি সাজিবলৈও। মুঠতে টুপামাৰী পানী যোগান আঁচনি আজি যেন সমূলি বিফল, একাংশ গ্ৰামাঞ্চলত বুমেৰাং হ’বগৈ নেকি চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই অভিলাসী আঁচনিখন? আগলৈ তদন্ত ভিত্তিক এনেবোৰ অপচয় ৰোধৰ প্ৰয়াস কৰিবনে সংশ্লিষ্ট বিভাগে?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like