নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলা মহাবিদ্যালয়ত চাইবাৰ চিকিউৰিটিৰ সন্দৰ্ভত সজাগতা সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : বৰহোলা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগ আৰু IQAC অৰ্থাৎ আভ্যন্তৰীণ মান নিৰূপক কোষৰ উদ্যোগত ২৭ অক্টোবৰত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকৰ দ্বাৰা এক চাইবাৰ চিকিউৰিটিৰ সন্দভৰ্ত সজাগতা সভা অনুষ্ঠিত হয়। বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা বৰ্ণালী কলিতাই আঁত ধৰা সজাগতা সভাখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেণ দত্তই। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গ্ৰাটিয়া টেকন’লজী প্ৰাইভেট লিমিটেডৰ (Gratia Technology Pvt Ltd) মেনেজিং ডাৰেক্টৰ আৰু চিইঅ’ বিজু পেগু, অপাৰেচন ক’ৰডিনেটৰ ববন দাস আৰু অপাৰেচন এছিচটেণ্ট বিশ্বজিৎ দাস। বিজু পেগুৱে চাইবাৰ চিকিউৰিটিৰ সজাগতাৰ সন্দৰ্ভত ভিডিঅ’সহ বহু তথ্যসমৃদ্ধ বক্তব্য সকলো ছাত্র-ছাত্ৰী উপকৃত হোৱাকৈ আগবঢ়ায়‌। অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা অনামিকা হাজৰিকা, গীতাঞ্জলি গগৈ, আভ্যন্তৰীণ মান নিৰূপক কোষৰ সমন্বয়ক ড° ৰানা বড়া আৰু সহ সমন্বয়ক দেৱজিৎ দুৱৰা আদিয়ে বিশেষভাৱে সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়খনৰ সকলো শিক্ষক কৰ্মচাৰী উপস্থিত থাকে।

অজয় শইকীয়া, নগাবাট

You might also like