নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূলুণ্ঠিত মানৱতা : মৰিগাঁৱৰ সৰুচলাত বোৱাৰীক পঘাৰে বান্ধি নিৰ্যাতন শাহুৱেক-ননদৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী: নৱবৰ্ষৰ প্ৰথম দিনাই মৰিগাঁৱৰ মৈৰাবাৰীৰ সমীপৱৰ্তী সৰুচলা গাঁৱত সংঘটিত এক অমানুষিক ঘটনাই সমগ্ৰ মৈৰাবাৰী অঞ্চল জোকাৰি গৈছে। অভিযোগ অনুসৰি মহিলাগৰাকীৰ স্বামী মুজাহাৰুল আলম (৩৩) কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাৰ সুযোগত শাহু মা আৰু ননদে সাধাৰণ অজুহাততে বিগত কিছুদিন ধৰি ব্যাপক ৰূপত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। নতুন বছৰৰ প্ৰথম দিনটোত যেন সকলো সীমা চেৰাই গৈছিল শাহু মা আৰু নন্দেকে।অভিযুক্ত দুই মহিলাই মিলি গৰু বন্ধা ৰচীৰে মহিলাগৰাকীক হাতে ভৰিয়ে বান্ধি নিৰ্যাতন চলাই থকাত কোনোমতে পলাই গৈ মৈৰাবাৰী থানাত শাহুমা-ছাজিদা খাতুন, ননদ জেচমিনা খাতুন আৰু স্বামী মোজাহাৰুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। মাক আৰু ভনীয়েকে নিজৰ স্ত্ৰীক কৰি অহা এনেধৰনৰ অত্যাচাৰ সম্পৰ্কে স্বামী মোজাহাৰুল অৱগত যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাছিল নিজৰ মাক আৰু ভনীয়েকৰ বিৰুদ্বে।এটা সন্তানৰ মাতৃ নিৰ্যাতিতা মহিলাগৰাকীয়ে স্বামীৰ পৰিয়ালৰ লোকসকলক এনে অমানৱীয় নিৰ্যাতন সম্পৰ্কে বিৱৰি কৈছিল যদিও কোনো এজন লোকেও ব্যৱস্থা গ্ৰহন কৰা নাছিল। যাৰফলশ্ৰুতিত বাঢ়ি গৈ আছিল মাতৃ কন্যাৰ অমানুষিক নিৰ্যাতন। অৱশেষত আইনৰ ওপৰতে শেষ ভৰষা কৰি নিৰ্যাতিতা মহিলাগৰাকীয়ে কাষ চাপিছে আৰক্ষীৰ। আইন সকলোৰে বাবে সমান- এই কথা প্ৰযোজ্য হবনে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এই দূৰ্ভগীয়া নাৰীজনীৰ ক্ষেত্ৰত।নে দৈনন্দিন সমাজত সংঘটিত হৈ অহা ঘটনা প্ৰবাহৰ দৰে এই জঘন্য ঘটনাও মাৰ যাব সময়ৰ সোতত। সেয়া সম্প্ৰতি এক গভীৰ প্ৰশ্ন!

প্ৰেৰক তাৰিকুল ইছলাম

You might also like