নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিপলাইত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানৰ অন্তৰ্গত টিপলাই পুৰণপাৰাত আজি বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য মতে লক্ষীপুৰ নিদানপুৰ নিবাসী দুই সন্তানৰ পিতৃ মংলা ৰবি দাসে টিপলাই পুৰণপাৰাৰ শহুৰৰ ঘৰলৈ আলহি খাবলৈ আহি আজি ৰাতিপুৱা প্ৰায় ৯ মান বজাত গা-ধুই কাপোৰ মেলিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়।

পাছত গুৰুতৰভাৱে আহত হোৱা মংলা ৰবি দাসক প্ৰথমে টিপলাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ বাবে পৰামৰ্শ প্ৰদান কৰাত পৰিয়ালৰ লোকে ধূপধৰালৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বিদ্যুৎ সংযোগী চাৰ্ভিছ তাৰ ঘৰৰ টিনৰ চালিত চৰ্ট হৈ থকাৰ লগতে কাপোৰ মেলি দিয়া গুনাৰ তাৰ টিনৰ চালিৰ লগত সংযুক্ত হৈ থকাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লবলগা হয় মংলা ৰবি দাস। মৃতদেহটো ৰংজুলি আৰক্ষীৰ সহযোগত গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । মংলা ৰবি দাসৰ মৃত্যুত টিপলাইৰ লগতে লক্ষীপুৰ নিদানপুৰতো শোকৰ ছাঁ পৰিছে ।

প্ৰেৰকঃ জ্যোতিষ নাথ, টিপলাই

You might also like