আদালতত হাজিৰ দেৱলাল গার্লোচা
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ আৰক্ষী কনিষ্টবল হবিবুৰ ৰহমান হত্যাকাণ্ডৰ গোচৰত সোমবাৰে হাফলংস্থিত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোচা৷
আদালতত হাজিৰ হৈ গার্লোচাই গোচৰটোৰ বেইল বণ্ড জমা কৰে৷ ইফালে, গোচৰটোৰ শুনানিকালত সাক্ষীক সুৰক্ষা প্রদানৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিবলৈ গুচৰীয়া পক্ষই আদালতত আবেদন দাখিল কৰে৷ এই বিষয়টো বিবেচনা কৰিবলৈ আদালতে কমিটী গঠন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷