চিৰাঙত অব্যাহত আছে বন ধ্বংসযজ্ঞ, ২১টা প্ৰকাণ্ড কুণ্ডা জব্দ
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ চিৰাঙত বন মাফিয়াই অব্যাহত ৰাখিছে বন ধ্বংস যজ্ঞ। জিলাখনত হাতী দাঁত, মাৰণাস্ত্ৰ, সক্ৰিয় গুলী আদি ধাৰাবাহিকভাৱে উদ্ধাৰৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ সময়তে আজি বন বিভাগে ৪খন ট্ৰেক্টৰ ট্ৰলীত ২১টা প্ৰকাণ্ড মূল্যৱান গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হৈছে।
চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে আজি পুৱাৰ ভাগত আমটেকা বন কাৰ্যালয়ৰ বন কৰ্মীয়ে আইপোৱালিত ৪খন ট্ৰেক্টৰ ট্ৰলীত অবৈধ তথা চোৰাংভাৱে কঢ়িয়াই অনা ২১টা প্ৰকাণ্ড মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।
বনকৰ্মীৰ উপস্থিতিৰ উমান পাই চোৰাং কাঠ সৰবৰাহকাৰীসকলে কুণ্ডাভৰ্তি ট্ৰলী ৪খন এৰি ট্ৰেক্টৰৰ ইঞ্জিন ৩টা লগত লৈ পলায়ন কৰিবলৈ সক্ষম হয়। বনকৰ্মীসকলে ঘটনাস্থলীৰ পৰা কুণ্ডাভৰ্তি ট্ৰলীকেইখন উদ্ধাৰ কৰি বিভাগৰ জিম্মাত লয়।
চোৰাং কাঠ সৰবৰাহকাৰীসকলৰ সন্ধানত চিৰাং জিলা বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়ে।