নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ লামডিং সংৰক্ষিত বনাঞ্চলখন ক্রমাৎ নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে৷ বনাঞ্চলৰ মূল্যৱান চেগুন গছ এফালৰ পৰা কাটি তহিলং কৰিছে চোৰাং কাঠ সৰবৰাহকাৰীয়ে৷ হোজাই জিলাৰ লংকা–লামডিং পথৰ দুয়োকাষ আৱৰি থকা লামডিং সংৰক্ষিত বনাঞ্চলখন মূলতঃ মূল্যৱান চেগুন গছৰ বাবে বিখ্যাত৷ উত্থাপিত অভিযোগ মতে বনৰক্ষাৰ দায়িত্বত নিয়োজিত বন বিষয়াই দায়িত্ব পালনত ব্যর্থ হোৱাৰ বাবে এই বনাঞ্চলখন এতিয়া প্রায় নিঃশেষ হোৱাৰ পথত৷ বনাঞ্চলৰ মূল্যৱান চেগুন গছৰ লগতে আন আন মূল্যৱান গছ–গছনিও কাটি এফালৰ পৰা তহিলং কৰিছে চোৰাং কাঠ বেপাৰীয়ে৷ অকল মূল্যৱান গছ–গছনি কাটি পেলোৱাই নহয়, জুই জ্বলাই ধ্বংস কৰা হৈছে বনাঞ্চলৰ বিভিন্ন প্রজাতিৰ গছ–গছনি৷ লংকা আঞ্চলিক বন কার্যালয়ৰ অধীনৰ লংকাজান বন উপ–খণ্ড কার্যালয়ৰ পৰা মাত্র এক–ডেৰ কিলমিটাৰ দূৰত্বতে চলা এনে বনধ্বংসই উদঙাইছে দক্ষিণ নগাঁও, হোজাই বন সংমণ্ডলৰ ব্যর্থতাক৷ চোৰাং কাঠ বেপাৰীৰ কবলত ক্রমাৎ সংকুচিত হৈ পৰিছে শ শ হেক্টৰ বনাঞ্চলৰ ভূমিৰ সেউজীয়া গছ–গছনি৷ বনাঞ্চলখনৰ সুৰক্ষাৰ বাবে লংকা আঞ্চলিক বন কার্যালয়ৰ অধীনত লংকাজান বন উপ–খণ্ড, নখুঁটি বন উপ–খণ্ড কার্যালয় থকাৰ পাছতো বনাঞ্চলখনৰ ভিতৰত চোৰাং কাঠ বেপাৰীয়ে নিতৌ নির্বিঘ্ণে গছ কাটিবলৈ সক্ষম হোৱাটো যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ বনাঞ্চলখনত এনে বনধ্বংসৰ বাবে কাকী অঞ্চলৰ লগতে লংকাতো গঢ় লৈ উঠিছে বহুকেইটা অবৈধ কাঠফলা কল৷ স্থানীয় লোকৰ মতে বনাঞ্চল ধ্বংসৰ বিষয়ত উচ্চ পর্যায়ৰ নিৰপেক্ষ তদন্ত কৰিলেই ওলাই পৰিব বন বিষয়াৰ লগত চোৰাং কাঠ বেপাৰীৰ থকা অশুভ মিতিৰালি৷