দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত বাৰ্ষিক সপ্তাহ সম্পন্ন
ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক বিকাশৰ বাবে শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰদান কৰিছে নিয়মীয়া সংগীত প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: অসমৰ চাহ বাগিচা সমূহৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ এক অভিলাসী আদৰ্শ বিদ্যালয় স্থাপনৰ অংশ স্বৰূপে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত নামৰূপত চলিত বৰ্ষৰ ২৫ মে তাৰিখে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় বিধায়ক সকলোৰে তৰংগ গগৈয়ে উদ্বোধন কৰিছিল দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয় । উল্লেখযোগ্য যে জগত হাতীমূৰীয়াই অধ্যক্ষৰ আসন অলংকৃত কৰা আৰু মুঠ ৮ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠ দান কৰা বিদ্যালয় খনত বিগত ৭ মাহতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে গৈ ১৩০ গৰাকী ।
প্ৰণিধানযোগ্য যে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ লগতে অন্যান্য দিশটো প্ৰতিভা বিকাশৰ বাবে বিদ্যালয় খনে যোৱা ১২ ডিচেম্বৰৰ পৰা আজিলৈকে অনুষ্ঠিত কৰিছে বিদ্যালয় সপ্তাহ। বিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে উদ্বোধন কৰা এই ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত হাই জাম্প, লং জাম্প, খ’ খ’, কাবাদী মিউজিক চেয়াৰ আদি বিভিন্ন খেল প্ৰতিযোগিতাৰ লগতে গীত নৃত্য কবিতা আবৃত্তি কুইজ তৰ্ক আদি প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। আনহাতে আজি সাংস্কৃতিক শোভাযাত্ৰাৰে কায্যসূচী আৰম্ভ হোৱাৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণি আৰু মুকলি সভাত উপস্থিত থাকে চাহ বাগিচা খনৰ পৰিচালক, সহকাৰী পৰিচালককে ধৰি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকল।
লক্ষণীয় যে মূলত বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে অধ্যয়ন কৰা বিদ্যালয় খনত ৮ গৰাকীকৈ অভিজ্ঞতা সম্পন্ন স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষক শিক্ষয়িত্ৰীয়ে এক অতি সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত ব্ৰতী হোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ সাংস্কৃতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনৰ শিক্ষয়িত্ৰী তথা নামৰূপৰ পৰিচিত সংগীত শিল্পী প্ৰিয়ংকা শইকীয়া আৰু অনুপম গগৈ য়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক নিয়মীয়া ভাৱে সংগীতৰ প্ৰশিক্ষণ দি আহি অসম চৰকাৰৰ সপোনক সাকাৰ ৰূপ দিবলৈ প্ৰয়াস কৰি আহিছে ।