নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্যোগ প্ৰশমনৰ বাবে যোৰহাটৰ পশুচিকিৎসা বিভাগৰ তৎপৰতা; লক্ষাধিক পশুধনক টীকাকৰণ

  • ম’হৰ সুৰক্ষাৰ বাবে বিশেষ স্বাস্থ্য শিবিৰ
নিয়মীয়া বাৰ্তা, ১৮ মে’: দুৰ্যোগ প্ৰশমনৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি আগন্তুক বৰ্ষাকালিন অৱস্থাত হ’ব পৰা বানপানী, ধুমুহা, সংক্ৰমণজনিত ৰোগ, পেলুৰ আক্ৰমণ আৰু মহামাৰীজনিত সংক্ৰমণৰ প্ৰতি গুৰুত্ব আৰোপ কৰি যোৰহাট জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগে মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে বিশেষ প্ৰস্তুতিমূলক কাৰ্যসূচী ৰূপায়ন কৰিছে। যোৰহাট জিলা প্ৰশাসনে ঘোষণা কৰা ‘মৰমৰ যোৰহাট’ কাৰ্যসূচীৰ আধাৰত জিলাখনত বৰ্ষাকালিন সময়ত যাতে কৃষক পশুপালকসকলে বিশেষ সমস্যাৰ সম্মুখীন নহয় অথবা সমুপস্থিত সমস্যা যাতে সুকলমে অতিক্ৰম কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি জিলাখনত ব্যাপক পৰিমাণে পশুধনৰ টীকাকৰণ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। উল্লেখযোগ্য যে পশুধনৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ আধাৰত জিলাখনত ইতিমধ্যেই ৰূপায়িত হৈ আছিল চবকা আৰু ব্ৰচেল’চিছ ৰোগৰ টীকাকৰণ কাৰ্যসূচী। সকলোবোৰ গৰু ম’হকে চবকা ৰোগৰ প্ৰতিষেধক টীকা দিয়াৰ লগতে গাভিনীবিহীন ছেউৰী পোৱালিবোৰক প্ৰদান কৰা হয় ব্ৰুচেল’চিছ ৰোগৰ প্ৰতিষেধক টীকা। এক লাখ এক হাজাৰৰো অধিক গৰু ম’হক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ২০,৪৫০ টাৰো অধিক ছেউৰী পোৱালিক ব্ৰুচেল’চিছৰ টীকা দিয়াৰ ব্যৱস্থা কৰা হয়। যোৰহাট জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ টীকাকৰণ কাৰ্যসূচীৰ ন’ডেল বিষয়া ডাঃ ববী বৰঠাকুৰ আৰু জিলাৰ দুৰ্যোগ প্ৰশমনৰ ন’ডেল বিষয়া ডাঃ প্ৰবীণকুমাৰ নেওগে জানিবলৈ দিয়া মতে যোৰহাট জিলাত যোৱা আঢ়ৈ মাহত গলফুলা আৰু খোৰাভেকোলা ৰোগৰ ৩৫,০০০‌ (পয়ত্ৰিছ হাজাৰ) প্ৰতিষেধক টীকা গৰু আৰু ম’হক প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনত পাঁচ হাজাৰৰো অধিক গাহৰিক ছোৱাইন ফিভাৰ ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে এই বছৰ, প্ৰথম বাৰৰ বাবে, ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনাৰ অধীনত জিলাখনত সংগী জীৱ-জন্তুৰ বাবে জলাতংক ৰোগৰ টীকাকৰণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। যিহেতুকে বানপানীৰ সময়ত শিবিৰ বা ওখ ঠাইসমূহত গোট খোৱা গৰু ছাগলীসমূহক কুকুৰ জাতীয় প্ৰাণীয়ে আক্ৰমণ কৰাৰ সম্ভাৱনা বৃদ্ধি পায় যাৰ বাবে বহুতো পশুধন জলাতংক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। কুকুৰবোৰক আগতীয়াকৈ জলাতংকৰ প্ৰতিষেধক টীকা প্ৰদান কৰি এনে সম্ভাৱনা ৰোধ কৰিব পাৰি। যোৱা সময়ছোৱাত জিলাখনত ছশৰো অধিক ঘৰচীয়া আৰু পথচাৰী কুকুৰক জলাতংক ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা বুলি জনা গৈছে।
শেহতীয়াকৈ জিলাখনৰ দ্ৰুত সংক্ৰমিত আৰু ভাইৰাছজনিত ৰোগ লাম্পি স্কিন ডিজিজৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ বিভিন্ন এলেকাত ইতিমধ্যে ১৮,০০০ গোধনক প্ৰতিষেধক টীকা প্ৰদান কৰা হৈছে। যোৰহাট জিলাই ইতিমধ্যে ৩৩ হাজাৰ পশুধনক টীকা কৰণৰ বাবে লাম্পি স্কিন ডিজিজৰ টীকা লাভ কৰিছে।
ইতিমধ্যে জিলাখনৰ চৰ আৰু নৈ পৰীয়া এলেকাৰ খুটিসমূহত থকা ম’হপালকসকলক সজাগ কৰাৰ লগতে ম’হবিলাকক পেলু নিবাৰক ঔষধ প্ৰদান কৰাৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে জিলাখনত ১২ টা ম’হ পালকসকলৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। এনেবোৰ শিবিৰত ম’হবিলাকৰ কিছু সংখ্যকক গলফুলা আৰু খোৰাভেকোলা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হৈছে। অন্যান্য পশুধনৰ বাবেও জিলাখনৰ ছটা উন্নয়ন খণ্ডৰ আওতাত থকা পশু চিকিৎসালয় আৰু উপকেন্দ্ৰসমূহৰ জৰিয়তে গাঁওসমূহত পেলু নিবাৰক ঔষধ প্ৰদান, টীকাকৰণ আৰু পশুপালন সম্পৰ্কীয় সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। জিলাখনৰ সমূহ খণ্ড পশুপালন বিষয়া, পশু চিকিৎসা বিষয়া, ক্ষেত্ৰ সহায়ক, মৈত্ৰী কৰ্মী, গোপাল মিত্ৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পশু সখী, জীৱিকা সখী আৰু পশ্চিম অসম দুগ্ধ সমবায় সন্থাৰ প্ৰজনন কৰ্মীসকলৰ সহযোগিতাত বৰ্তমানেও চলি থকা টীকাকৰণ আৰু শিবিৰ ৰূপায়ন কাৰ্যসূচী সফলতাৰে আগবঢ়াই নিয়াৰ বাবে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দূৰ্যোগ প্ৰশমনৰ ন’ডেল বিষয়া ডাঃ প্ৰবীণকুমাৰ নেওগ আৰু জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া ডাঃ ভূপেন দাসে সংশ্লিষ্ট বিষয়া কৰ্মীসকলৰ লগতে সহযোগিতাৰ বাবে জিলাখনৰ পশুপালক ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।
You might also like